বিভিন্ন প্ৰজাতিৰ কেঁচু ব্যৱহাৰ কৰি পচন সাৰ প্ৰক্ৰিয়াৰ উৎপাদিত সামগ্ৰী From Wikipedia, the free encyclopedia
কেঁচুসাৰ (ইংৰাজী: Vermicompost) হ’ল এবিধ জৈৱ সাৰ। ই কেঁচুৰ দ্বাৰা উৎপন্ন হয়। কেঁচুৱে মাটিত থকা বিভিন্ন জৈৱিক পদাৰ্থসমূহৰ পচন ঘটাই মাটিৰ উৰ্বৰতাৰ বাবে প্ৰয়োজনীয় উপাদান সৃষ্টি কৰে। এই উপাদানসমূহকে কেঁচু সাৰ বোলা হয়।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
নাইট্ৰজেন | ১.৫-২.৫% |
কেলচিয়াম | ০.৫-১.০% |
ফচফৰাচ | ০.৯-১.৭% |
মেগনেছিয়াম | ০.২-০.৩% |
পটাচ | ১.৫-২.৪% |
চালফাৰ | ০.৪-০.৫% |
তদুপৰি আইৰণ, কপাৰ, জিংক, মেংগানিজ, মূল্যবান ভিটামিন এনজাইম আৰু জিবাৰলিনৰ নিচিনা হৰমনো থাকে।[1]
পৃথিৱীত প্ৰায় ২৫০০ প্ৰজাতিৰ কেঁচু চিনাক্ত কৰা হৈছে যাৰ ভিতৰত প্ৰায় ৫০০টা প্ৰজাতি ভাৰতত পোৱা যায়। বিভিন্ন ধৰণৰ মাটিৰ সাপেক্ষে কেঁচুৰ বৈশিষ্ট্য পৰিৱৰ্তন হয় সেয়ে স্থানীয় মাটিত সেই স্থানৰ কেঁচুৰ সহায়ত জৈৱ সাৰ তৈয়াৰ কৰাটো এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। পেৰিওনিক্স এক্সক্যাভেটাচ আৰু লেম্পিটো মৌৰিটো এই দুইধৰণৰ কেচুয়েই সাধাৰণতে ভাৰতত ব্যবহৃত হয়। থলুৱা কেঁচু সংগ্ৰহৰ বাবে কেঁচু দেখা পোৱা মাটি চিনাক্ত কৰিব লাগে॥ ৫০০ গ্ৰাম গুড় আৰু ৫০০ গ্ৰাম সঁতেজ গোঁবৰ ২ লিটাৰ পানীত দ্ৰৱীভূত কৰি ১মি x ১মি অঞ্চলত মাটিৰ উপৰিভাগত ভালকৈ চটিয়াই দিব লাগে। শুকান পাত জাবৰ-জোথৰ আদিৰে ঠাই ডোখৰ ঢাকি দিব লাগে। ২০ ৰ পৰা ৩০ দিনলৈকে সদায় পানী চটিয়াই দিব লাগে। কেইদিনমানৰ ভিতৰতে ঠাই ডোখৰত একেলগে বহুতো কেঁচুৰ জন্ম হ’য়।[2]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.