![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/ee/Athene_brama_1.jpg/640px-Athene_brama_1.jpg&w=640&q=50)
কুৰুলী ফেঁচা
From Wikipedia, the free encyclopedia
কুৰুলী ফেঁচা (ইংৰাজী: Spotted Owlet, বৈজ্ঞানিক নাম-Athene brama) এবিধ সৰু আকাৰৰ ফেঁচাৰ প্ৰজাতি। ই প্ৰধানকৈ বিষুৱীয় অঞ্চল অৰ্থাৎ ভাৰতৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে প্ৰজনন কৰে। খেতি-পথাৰ বা মানুহৰ বসতিপূৰ্ণ মুকলি অঞ্চলত বাস কৰিবলৈ ই বিশেষভাৱে অভিযোজিত আৰু সেইবাবেই ইয়াক নগৰ অঞ্চলতো দেখা পোৱা যায়। ই অট্টালিকা বা শিলত থকা সুৰুঙা অথবা গছৰ খোৰোঙত সৰু গোটত জিৰণি লয়। [2]
ক্ষিপ্ৰ তথ্য কুৰুলী ফেঁচা, সংৰক্ষণ স্থিতি ...
কুৰুলী ফেঁচা | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Strigiformes |
পৰিয়াল: | Strigidae |
গণ: | Athene |
প্ৰজাতি: | A. brama |
বৈজ্ঞানিক নাম | |
Athene brama (Temminck, 1821) | |
![]() | |
সমাৰ্থক | |
Carine brama |
বন্ধ কৰক