From Wikipedia, the free encyclopedia
কুষ্ঠ বা হেন্ছেনৰ ৰোগ (আন অসমীয়া নাম কুঠ আৰু বৰৰোগ) মাইক'বেক্টেৰিয়াম লেপ্ৰি বা মাইক'বেক্টেৰিয়াম লেপ্ৰ'মেট'চিছ বেক্টেৰিয়াৰ ফলত হোৱা এক দীৰ্ঘম্যাদী সংক্ৰামক ৰোগ।[3][4] আৰম্ভণিতে ৫ৰ পৰা ২০ বছৰলৈ সংক্ৰমণৰ কোনো লক্ষণ নাথাকে।[3] দেখা দিয়া লক্ষণৰ ভিতৰত প্ৰান্তীয় স্নায়ু তন্ত্ৰ, শ্বাস তন্ত্ৰ, ছাল আৰু চকুৰ গ্ৰেনুল'মা প্ৰধান।[3] ইয়াৰ ফলত বিষৰ অনুভৱ কমকৈ হৈ শৰীৰত বাৰে বাৰে আঘাত বা সংক্ৰমণ হ'ব পাৰে আৰু অংগ হেৰুৱাবলগীয়া হ'ব পাৰে।[2] দুৰ্বলতা আৰু চকুৰে কমকৈ দেখাও এই ৰোগৰ আন লক্ষণ।[2]
কুষ্ঠ (Leprosy) | |
---|---|
অন্য নাম | হেন্ছেনৰ ৰোগ (Hansen's disease) |
কুষ্ঠত আক্ৰান্ত এজন ২৪ বছৰীয়া লোক (১৮৮৬) | |
উচ্চাৰণ | |
বিভাগ | সংক্ৰামক ৰোগ |
লক্ষণ | বিষ কমকৈ অনুভৱ হোৱা[2] |
কাৰণ | মাইক'বেক্টেৰিয়াম লেপ্ৰি বা মাইক'বেক্টেৰিয়াম লেপ্ৰ'মেট'চিছ[3][4] |
আশংকাৰ কাৰণ | কুষ্ঠ ৰোগীৰ সান্নিধ্যলৈ অহা, অস্বাস্থ্যকৰ পৰিবেশত বসবাস কৰা[2] |
চিকিৎসা | মাল্টিড্ৰাগ থেৰাপী[3] |
ঔষধ | ৰিফাম্পিচিন, ডেপ্চন, ক্ল'ফাজিমিন[2] |
পুনৰাবৃত্তি | ৫,১৪,০০০ (২০১৫)[5] |
কুষ্ঠ ৰোগ মানুহৰ মাজতে সোঁচৰে। সংক্ৰমিত লোকৰ কাঁহ বা নাকৰ পানীৰ পৰা ই বিয়পে বুলি ভবা হয়।[6] দুখীয়া, অস্বাস্থ্যকৰ পৰিবেশত বাস কৰা লোক বেছিকৈ কুষ্ঠত ভোগে।[2] মানুহৰ ধাৰণাৰ বিপৰীতে কুষ্ঠ অতিপাত সংক্ৰামক নহয়।[2] বেক্টেৰিয়াৰ সংখ্যাক ভিত্তি কৰি ইয়াক পচিবেচিলাৰী (paucibacillary) আৰু মাল্টিবেচিলাৰী (multibacillary) বুলি ভাগ কৰা হয়।[2] পচিবেচিলাৰীত ছালৰ শেঁতা পৰা, অসংবেদনশীল দাগৰ সংখ্যা পাঁচ বা তাতকৈ কম আৰু মাল্টিবেচিলাৰীত পাঁচটাতকৈ বেছি।[2] ছালৰ বায়প্সীত এচিড-ফাষ্ট বেক্টেৰিয়া (acid-fast bacilli) ধৰা পেলাই বা পৰিমেৰেছ চেইন ৰিয়ক্চনৰে ডি এন এ উলিয়াই ৰোগনিৰ্ণয় কৰা হয়।[2]
মাল্টি ড্ৰাগ থেৰাপী (এম ডি টি) নামৰ চিকিৎসা পদ্ধতিৰে কুষ্ঠৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।[3] পচিবেচিলাৰী কুষ্ঠত ডেপ্চন আৰু ৰিফাম্পিচিন ছমাহ দিয়া হয়।[2] মাল্টিবেচিলাৰী কুষ্ঠত ৰিফাম্পিচিন, ডেপ্চন আৰু ক; অফাজিমিন ১২ মাহলৈ দিয়া হয়।[2] ইয়াৰ বাহিৰে অন্য প্ৰতিজৈৱিকো (antibiotic) কেতিয়াবা ব্যৱহাৰ কৰা হয়।[2] বিশ্ব স্বাস্থ্য সংস্থাই এই চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰে।[3] বিশ্বজুৰি আধীৰ দশকত ৫২ লাখ দীৰ্ঘম্যাদী ৰোগীৰ পৰা ২০১২ চনত ১,৮৯,০০০০লৈ সংখ্যা কমিছে।[3][7][8] The number of new cases was 230,000.[3] বেছিভাগ নতুন ৰোগী ১৬খন দেশত ধৰা পৰে যাৰ আধাতকৈ বেছি ৰোগী ভাৰতৰ।[3][2] বিগত ২০ বছৰত বিশ্বজুৰি ১.৬ কোটি ৰোগীয়ে আৰোগ্য লাভ কৰিছে।[3]
কুষ্ঠ ৰোগে হাজাৰ হাজাৰ বছৰ ধৰি মানুহক আক্ৰান্ত কৰি আহিছে।[2] ইংৰাজী নাম leprosy আহিছে লেটিন শব্দ lepraৰ পৰা যাৰ অৰ্থ "scaly" বা বাকলিৰে আৱৰা। "হেন্ছেনৰ ৰোগ" নামটো চিকিৎসক জেৰাৰ্ড আৰ্মাৰ হেন্ছেনৰ পৰা আহিছে।[2] ৰোগীসকলক পৃথককৈ কুষ্ঠ কলনীত ৰখা প্ৰথা এতিয়াও ভাৰত,[9] চীন,[10] আৰু আফ্ৰিকাত প্ৰচলিত।[11] কুষ্ঠ বেছিকৈ সংক্ৰামক নোহোৱা বাবে বেছিভাগ কলনীয়েই বন্ধ হৈছে।[11] ৰোগৰ বিষয়ে জনোৱা আৰু ততালিকে চিকিৎসা লোৱাৰ ক্ষেত্ৰত সামাজিক কলংক এক অন্তৰায় হৈ আহিছে।[3] কিছুমানে "leper" বা "কুঠীয়া মানুহ" শব্দটো অসন্মানজনক বুলি কৈ "কুষ্ঠ ৰোগত আক্ৰান্ত মানুহ" বাক্যংশহে পছন্দ কৰে।[12] কুষ্ঠই "অৱহেলিত ক্ৰান্তীয় ৰোগ"তো (neglected tropical disease) স্থান পাইছে।[13] কুষ্ঠ ৰোগৰ প্ৰতি সজাগতা আনিবলৈ ১৯৫৪ চনৰ পৰা বিশ্ব কুষ্ঠ দিৱস পালন কৰা হৈছে।[14]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.