কুমাৰীত্ব
From Wikipedia, the free encyclopedia
কুমাৰীত্ব (ইংৰাজী: Virginity) হৈছে কেতিয়াও যৌন সম্পৰ্ক স্থাপন নকৰা ব্যক্তিৰ দৈহিক আৰু মানসিক অৱস্থা।[1][2] কুমাৰী শব্দটোৱে প্ৰথমে কেৱল যৌন অনভিজ্ঞ মহিলাকহে বুজাইছিল, কিন্তু পৰম্পৰাগত, আধুনিক আৰু নৈতিক ধাৰণাত পোৱাৰ দৰে পিছলৈ ইয়াৰ বিকাশ ঘটিছে।[3][4][5][6] বিপৰীতকামী ব্যক্তিয়ে কুমাৰীত্ব হেৰুৱাটো কেৱল লিংগ-যোনিত প্ৰৱেশৰ দ্বাৰাহে হোৱা বুলি বিবেচনা কৰিব পাৰে বা নকৰিবও পাৰে,[3][5][7][8] আনহাতে অন্য যৌন অভীৰুচিৰ লোকসকলে প্ৰায়ে মৌখিক যৌন সম্পৰ্ক, পায়ুপথৰ যৌন সম্পৰ্ক বা পাৰস্পৰিক হস্তমৈথুনকো কুমাৰীত্ব হেৰুৱাৰ সংজ্ঞাৰ বাবে বিবেচনা কৰে।[3][6][9]
ব্যক্তিগত বিশুদ্ধতা, সন্মান আৰু মূল্যৰ ধাৰণাসমূহৰ সৈতে জড়িত প্ৰধানকৈ অবিবাহিত মহিলাৰ প্ৰতি এই অৱস্থাৰ বিশেষ মূল্য আৰু তাৎপৰ্য্য প্ৰদান কৰা সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰা আছে। সতীত্বৰ দৰেই কুমাৰীত্বৰ ধাৰণাতো পৰম্পৰাগতভাৱে যৌন বিৰতি জড়িত হৈ আহিছে। কুমাৰীত্বৰ ধাৰণাটোত সাধাৰণতে নৈতিক বা ধৰ্মীয় বিষয় জড়িত হৈ থাকে আৰু ইয়াৰ পৰিণতি সামাজিক মৰ্যাদাৰ ক্ষেত্ৰত আৰু আন্তঃব্যক্তিগত সম্পৰ্কত হ'ব পাৰে।[3][10] যদিও কুমাৰীত্বৰ সামাজিক প্ৰভাৱ আছে আৰু পূৰ্বতে কিছুমান সমাজত ইয়াৰ আইনী প্ৰভাৱ উল্লেখযোগ্য আছিল, তথাপিও আজিৰ বেছিভাগ সমাজতে ইয়াৰ কোনো আইনী পৰিণতি নাই। কুমাৰীত্বৰ সামাজিক প্ৰভাৱ এতিয়াও বহু সমাজত আছে আৰু ই ব্যক্তিৰ সামাজিক সংস্থাৰ ওপৰত বিভিন্ন প্ৰভাৱ পেলাব পাৰে।