কুইয়াৰ
যৌন আৰু লিংগীয় সংখ্যালঘু ব্যক্তিসকলক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ / From Wikipedia, the free encyclopedia
কুইয়াৰ (ইংৰাজী: Queer) শব্দটি যৌন আৰু লিংগীয় সংখ্যালঘু ব্যক্তিসকলক বুজাবলৈ ব্যৱহৃত হয়। সাধাৰণতে সামাজিকভাৱে স্বাভাৱিক বুলি গণ্য কৰা লিংগ আৰু যৌনতাৰ সংজ্ঞাৰ বাহিৰৰ ব্যক্তিক বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হয়। ইংৰাজী ভাষাৰ কুইয়াৰ শব্দই আক্ষৰিকভাৱে আচহুৱা বা অদ্ভুদ বুজায় যদিও বৰ্তমান এই নামে এলজিবিটি+ সম্প্ৰদায়ক সূচিত কৰে। ১৯ শতিকাৰ শেষৰ ফালে সমকামী সম্পৰ্ক আৰু আকাংক্ষাক বুজাবলৈ পোনপ্ৰথমে কুইয়াৰ শব্দ ব্যৱহাৰলৈ আহিছিল। ১৯৮০ৰ দশকত কুইয়াৰ নেছন নামৰ যৌন আৰু লিংগীয় সংখ্যালঘু ব্যক্তিসকলৰ অধিকাৰৰ পক্ষে কাম কৰা সংস্থাই কুইয়াৰ শব্দৰে এলজিবিটি সম্প্ৰদায়ৰ সকলো শাখাক বুজাবলৈ আৰম্ভ কৰিছিল। ২০০০ৰ দশকত কুইয়াৰ শব্দ যৌন বৰ্ণালীক বুজাবলৈ ব্যৱহাৰ হ'বলৈ আৰম্ভ হ'ল। বৰ্তমান বিষমকামী আৰু চিছ-জেণ্ডাৰ অৰ্থাৎ প্ৰাকৃতিকভাৱে লক্ষ্য কৰা লিংগক নিজৰ লিংগ বুলি গণ্য কৰা ব্যক্তিসকলৰ বাদে আন সকলো লিংগীয় আৰু যৌন অভিমুখীতাৰ ব্যক্তিয়ে নিজকে কুইয়াৰ বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিলে।[1] শৈক্ষিক ক্ষেত্ৰত অন্তৰ্ভুক্ত কুইয়াৰ থিয়ৰি বা সূত্ৰই লিংগীয় দ্বৈততাক সমৰ্থন নকৰে। আধুনিক কুইয়াৰ অভিব্যক্তিৰ মাধ্যম হিচাপে প্ৰকাশ হোৱা কলা, সংস্কৃতিক গোট আৰু ৰাজনৈতিক দলে এলজিবিটি আন্দোলনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ পৰিল।