কিন্নৰ
From Wikipedia, the free encyclopedia
কিন্নৰ হৈছে হিন্দু আৰু বৌদ্ধ ধৰ্মত এক স্বৰ্গীয় সংগীতজ্ঞ। তেওঁলোক আংশিকভাৱে মানুহ আৰু আংশিকভাৱে পক্ষী। উভয় পৰম্পৰাতে কিন্নৰ (পুৰুষ) আৰু কিন্নৰী (নাৰী) আটাইতকৈ প্ৰিয় দুই পৌৰাণিক চৰিত্ৰ। হিমালয়ত বাস কৰা বুলি বিশ্বাস কৰা কিন্নৰসকলে প্ৰায়ে বিপদৰ সময়ত মানুহৰ মংগলৰ ওপৰত চকু ৰাখে। এক প্ৰাচীন ভাৰতীয় তাঁৰ বাদ্য কিন্নৰী বীণা নামেৰে জনাজাত। মহাভাৰতৰ আদি পৰ্বতো তেওঁলোকৰ চৰিত্ৰ স্পষ্ট কৰা হৈছে, য’ত তেওঁলোকে কৈছে:
আমি চিৰপ্ৰেমিক আৰু প্ৰিয়। আমি কেতিয়াও পৃথক নহয়। আমি চিৰকালৰ বাবে স্বামী-স্ত্ৰী; আমি কেতিয়াও মাতৃ আৰু পিতৃ নহওঁ। আমাৰ কোলাত কোনো সন্তান দেখা নাযায়। আমি প্ৰেমিক আৰু প্ৰিয় চিৰ-আলিংগনকাৰী প্ৰিয়। আমাৰ মাজত আমি কোনো তৃতীয় জীৱক মৰম দাবী কৰাৰ অনুমতি নিদিওঁ। আমাৰ জীৱনটো চিৰন্তন সুখৰ জীৱন [1]
জাতকৰ আখ্যান আৰু সদ্ধৰ্ম পুণ্ডৰিক সূত্ৰকে ধৰি বৌদ্ধ ধৰ্মৰ কেইবাখনো গ্ৰন্থত কিন্নৰসকলৰ বিষয়ে উল্লেখ কৰা হৈছে। দক্ষিণ-পূব এছিয়াৰ বৌদ্ধ আখ্যানসমূহত কিন্নৰৰ স্ত্ৰী কিন্নৰীসকলক অৰ্ধপক্ষী আৰু অৰ্ধনাৰী হিচাপে চিত্ৰিত কৰা হৈছে। পৌৰাণিক হিমাৱন্তত বাস কৰা বহুতো জীৱৰ ভিতৰত অন্যতম কিন্নৰিৰ শিৰ, উদৰ আৰু হাত নাৰীৰ আৰু ডেউকা, নেজ আৰু ভৰি হংসৰ। এওঁলোক নৃত্য, গীত আৰু কবিতাৰ বাবে বিখ্যাত হোৱাৰ লগতে নাৰী-সৌন্দৰ্য্য আৰু সাফল্যৰ পৰম্পৰাগত প্ৰতীক।
আমেৰিকান ইতিহাসবিদ, লেখক তথা চীনা-ভাষা সংস্কৃতিৰ পণ্ডিত এডৱাৰ্ড এইচ স্কেফাৰ্ডে লক্ষ্য কৰিছে যে পূব এছিয়াৰ ধৰ্মীয় শিল্পত কিন্নৰক প্ৰায়ে, অৰ্ধমানৱ অৰ্ধপক্ষীৰূপী সংকৰ জীৱ কালবিঙ্কৰ সৈতে বিভ্ৰান্ত কৰা হয়, কিন্তু দুয়ো প্ৰকৃততে সুকীয়া আৰু দুয়োটাৰে মাজত সম্পৰ্ক নাই।[2]