কামিকাজি
From Wikipedia, the free encyclopedia
কামিকাজি (神風?, [kamiꜜkaze]; "পবিত্ৰ বতাহ"), আনুষ্ঠানিকভাৱে Tokubetsu Kōgekitai (特別攻撃隊?, "বিশেষ আক্ৰমণ ইউনিট") বুলিলে দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰফালে মিত্ৰ পক্ষৰ জাহাজৰ ওপৰত আত্মঘাতী আক্ৰমণ চলোৱা জাপানী বৈমানিকসকলক বুজায়। পৰম্পাৰগত বিমান আক্ৰমণতকৈ অধিক ক্ষতি কৰিবলৈ এই পন্থা লোৱা হৈছিল। যুদ্ধৰ সময়ছোৱাত প্ৰায় ৩,৮০০ জন কামিকজি বিমান চালকৰ মৃত্যু হৈছিল আৰু তোঁলোকৰ আক্ৰমণত ৭,০০০ৰতকৈও অধিক নৌবাহিনীৰ লোকৰ প্ৰাণনাশ হৈছিল।[1]
পৰম্পৰাহত বিমানত সালসলনিক কৰি সজা কামিকাজি বিনাবোৰ প্ৰকৃততে চালক-নিয়ন্ত্ৰিত বিস্ফোৰক মিচাইলৰ দৰে আছিল। বিস্ফোৰক পদাৰ্থ, বোমা, টৰ্পেড' আৰু ভৰ্তি ইন্ধন টেংকেৰে এই বিমানবোৰ চালকে শত্ৰু জাহাজত খুন্দা মাৰিবলৈ চেষ্টা কৰিছিল। সাধাৰণ আক্ৰমণতকৈ এই পন্থাৰে লক্ষ্য সাধন বেছি ভাল আছিল, লগতে লগত নিয়া বস্তুবোৰৰ বাবে বিস্ফোৰণো ডাঙৰকৈ হৈৱ্হিল। প্ৰায় ১৯% কামিকাজি আক্ৰমণ সফল হৈছিল।[1]
কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক পৰাজয়ৰ পাছত জাপানে ১৯৪৪ চনৰ অক্টোবৰত এই আক্ৰমণবোৰ আৰম্ভ কৰে। ইতিমধ্যে পুৰণি বিমান আৰু কমি অহা পাৰদৰ্শী চালকৰ সংখ্যাৰ বাবে জাপানে আকাশী আধিপত্য হেৰুৱাইছিল। মিত্ৰ শক্তিৰ তুলনাত জাপানৰ অৰ্থনীতি দুৰ্বল হৈ যুদ্ধৰ ক্ষমতা কমি আহিছিল। লাহে লাহে মিত্ৰ শক্তি জাপানৰ দ্বীপপুঞ্জৰ ফালে অগ্ৰসৰ হৈছিল। এইবোৰ কাৰক আৰু লগতে আত্মসমৰ্পণৰ অনিচ্ছাৰ বাবে জাপানে কামিকাজি কৌশল ব্যৱহাৰৰ সিদ্ধান্ত লয়।
জাপানৰ সামৰিক ভাৱনাত পৰাজয়, ধৰা পৰা আৰু লজ্জাতকৈ মৃত্যুক প্ৰাধান্য দিয়া পৰম্পৰা আছিল। চামুৰাই জীৱনশৈলী আৰু বুশ্বিড' নিয়মাৱলীৰ এটা প্ৰাথমিক পৰম্পৰা আছিল: মৃত্যু পৰ্যন্ত আনুগত্য আৰু সন্মান।[2][3][4][5][6]
জাপানী শব্দ কামিকাজেৰ অৰ্থ "পবিত্ৰ বতাহ" (কামিৰ অৰ্থ "ভগৱান", "অতিলৌকিক", বা "পবিত্ৰতা", আৰু কাজিৰ অৰ্থ "বতাহ")। ১২৭৪ চনত জাপান আক্ৰমণ কৰা কুবলাই খানৰ নৌবাহিনী ধ্বংস কৰা সাগৰীয় ধুমুহা বুজাবলৈ এই শব্দ ১২৮১ চনৰ পৰা ব্যৱহাৰ কৰা হৈ আহিছে।[7]