কামপুৰ
অসমৰ চহৰ / From Wikipedia, the free encyclopedia
অসমৰ নগাঁও জিলাৰ প্ৰসিদ্ধ কপিলী নৈৰ উত্তৰ-দক্ষিণ দুয়োপাৰ জুৰি কামপুৰ অঞ্চল অৱস্থিত। নগাঁও চহৰৰ পৰা ৩০ কিঃমিঃ দক্ষিণে কামপুৰ নগৰ অৱস্থিত। কামপুৰ এখন উন্নত ঠাই। ১৯৯৬ চনৰ ৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ গেজেট জাননীত কামপুৰ টাউন কমিটি গঠনৰ সিদ্ধান্ত প্ৰকাশ পায়। অতীতৰ পৰাই কামপুৰ কাৰ্বি-আংলং জিলাৰ দুৱাৰ স্বৰূপ হৈ আছে। কামপুৰ পৰা ২০ কিঃমিঃ দক্ষিণেই কাৰ্বি-আংলং জিলাৰ সীমা। ইংৰাজী ১৯৬০-৬৫ চনৰ ভিতৰত কপিলী নৈৰ ওপৰেৰে দিয়া পকী দলঙে পাহাৰীয়া জিলা খনৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। কামপুৰ চক্ৰৰ মাটি-কালি ১৪৩’১৭ বৰ্গমাইল। কামপুৰ মৌজাত ১৩৫ খন গাঁও আছে।[1] এসময়ত কামপুৰ চাৰ্কোল অসমৰ ভিতৰতে সৰ্ববৃহৎ চাৰ্কোল আছিল আৰু ই লামডিং পৰ্যন্ত সামৰি লৈছিল। ২০১১ চনৰ লোক-পিয়ল অনুসৰি কামপুৰ জনসংখ্যাৰ ৯৪,৮৪৪ জন পুৰুষ আৰু ৯০,২৪৩ জন মহিলা, তথা সৰ্বমুঠ ১৮৫,০৮৭ জন জনসংখ্যা আছে।[2]
কামপুৰ | |||||||
— নগৰ — | |||||||
স্থানাঙ্ক | 26.20°N 92.63°E / 26.20; 92.63 | ||||||
দেশ | ভাৰত | ||||||
ৰাজ্য | অসম | ||||||
জিলা | নগাঁও জিলা | ||||||
জনসংখ্যা | 1,85,087 (2011[update]) | ||||||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||||
ক'ড
|