![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/b8/Kachin_State_in_Myanmar.svg/langas-640px-Kachin_State_in_Myanmar.svg.png&w=640&q=50)
কাচিন ৰাজ্য
ম্যানমাৰৰ ৰাজ্য / From Wikipedia, the free encyclopedia
কাচিন ৰাজ্য (ইংৰাজী: Kachin State; মান: ကချင်ပြည်နယ်, উচ্চাৰণ [kətɕʰɪ̀ɴ pjìnɛ̀]; কাচিন: জিংফাও মুংডাও) হ'ল ম্যানমাৰৰ এখন ৰাজ্য। ই ম্যানমাৰৰ উত্তৰ অংশত অৱস্থিত। এই ৰাজ্যৰ উত্তৰ আৰু পূৰ্ব দিশত চীন অৱস্থিত। দক্ষিণ দিশত অৱস্থিত শাহ ৰাজ্য। পশ্চিম দিশত ভাৰত আৰু ছাঘাইন অৱস্থিত। ৰাজ্যটিৰ মুঠ কালি হ'ল ৮৯,০৪১.৮ বৰ্গ কিলোমিটাৰ বা ৩৪,৩৭৯.২ বৰ্গ মাইল। কাচিন ৰাজ্যৰ মুঠ জনসংখ্যা হ'ল ১৬ লাখ ৮৯ হাজাৰ ৪৪১ জন। এই ৰাজ্যৰ সৰ্বোচ্চ শৃংগ হ'ল হকাকাবো ৰাজি। ইয়াৰ উচ্চতা ৫,৮৮৯ মিটাৰ। ৰাজ্যখনৰ ৰাজধানী চহৰ হ'ল মাইটকয়িনা। এই ৰাজ্যৰ অন্য প্ৰধান চহৰসমূহ হ'ল ভোমা আৰু পুটাআৰু। এই ৰাজ্যখন ২৩.২৭ৰ পৰা ২৮.২৫ ডিগ্ৰী উত্তৰ স্থানাংকত অৱস্থিত। ইণ্ডাইগয়ি হ্ৰদ এই ৰাজ্যতে অৱস্থিত। কাচিন ৰাজ্যত হিমালয়ৰ সম্প্ৰসাৰিত অংশ কাচিন পাহাৰ অৱস্থান কৰিছে। এই পাহাৰ ৰাজ্যৰ বেছি ভাগ অংশতে অৱস্থান কৰিছে।
কাচিন ৰাজ্য ကချင်ပြည်နယ် |
|||
---|---|---|---|
— ৰাজ্য — | |||
|
|||
![]() |
|||
ভৌগোলিক স্থানাংক: 26°0′N 97°30′E | |||
ৰাষ্ট্ৰ | ![]() |
||
অঞ্চল | উত্তৰ | ||
ৰাজধানী | মাইটকয়িনা | ||
চৰকাৰ | |||
- মূখ্য মন্ত্ৰী | খাট আউং (সাঁচ:Polparty) | ||
মাটিকালি | |||
- মুঠ | ৮৯,০৪১.৮ কি.মি.২ (৩৪,৩৭৯.২ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | তৃতীয় | ||
জনসংখ্যা (২০১৪)[1] | |||
- মুঠ | ১৬,৮৯,৪৪১ জন | ||
- স্থান | দশমতম | ||
- জনঘনত্ব | ১৯ প্ৰতি বৰ্গ কি.মি. (৪৯.১ প্ৰতি বৰ্গ মাইল) |
||
Demographics | |||
- Ethnicities | কাচিন, বামাৰ, শান, নগা, চীনা, ভাৰতীয়, গোৰ্খা, | ||
- ধৰ্মসমূহ | বৌদ্ধ, খ্ৰীষ্টান | ||
সময় অঞ্চল | এমএছটি (গ্ৰী.মা.স.+০৬:৩০) |