ইছলামৰ মৌলিক বিশ্বাস সম্বলিত কেইটামান আৰৱী পংক্তি From Wikipedia, the free encyclopedia
কালিমা হ'ল ইছলামৰ মৌলিক বিশ্বাস সম্বলিত কেইটামান আৰৱী পংক্তিৰ নাম। ইয়াৰ মাধ্যমেই ইছলামৰ প্ৰথম স্তম্ভ শ্বাহাদাহ পূৰ্ণতা পায়। ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ/কলিমা। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ বুলা হয়। ইয়াৰ আসমীয়া অনুবাদ হ'ল-
মই সাক্ষ্য দি আছোঁ যে, আল্লাহৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষি দি আছোঁ যে, মুহাম্মাদ(ছঃ) আল্লাহৰ বাৰ্তাবাহক। " এইটো পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) আল্লাহ ব্যতীত অন্য কোনো উপাস্য নাই আৰু (দুই) মুহাম্মাদ(ছাঃ) তেওঁৰ প্ৰেৰিত বাণীবাহক।
ছূৰা এখলাছত আল্লাহৰ একত্ববাদৰ বৰ্ণনা এনেদৰে দিয়া হৈছে,
মুঠ কলিমা পাঁচটা/ছয়টা। কলিমাৰ সমষ্টিত মুঠ পাঁচটা/ছয়টা ভাগ আছে যদিও কলিমা বুলি ক'লে সাধাৰণতে সাক্ষী দিয়া কলিমাটোকেই বুজোৱা হৈ থাকে।
প্ৰথম কালিমাৰ নাম হ'ল- কালিমায়ে তাইয়্যেবা। ইয়াৰ অৰ্থ হ'ল পৱিত্ৰ বাক্য। সাঁচ:অডিও
=== আৰৱী ===অসমীয়া ভাষাৰ
[2]لآ اِلَهَ اِلّا اللّهُ مُحَمَّدٌ رَسُوُل اللّهِ
লা-ইলা-হা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছূলুল্লাহ্।
There is no God but Allah, Muhammad (Sall-Aallahu Alayhi wa Sallam) is the messenger of Allah.
আল্লাহ অবিহনে কোনো উপাস্য নাই, হজৰত মুহাম্মাদ(ছাঃ) তেখেতৰ প্ৰেৰিত ৰাছূল(বাৰ্তাবাহক)।
দ্বিতীয় কালিমাৰ নাম হৈছে- কালিমায়ে শ্বাহাদাত। ইয়াৰ অৰ্থ হ'ল সাহ্ম্য বাক্য। সাঁচ:অডিও
[2]اشْهَدُ انْ لّآ اِلهَ اِلَّا اللّهُ وَحْدَه لَا شَرِيْكَ لَه، وَ اَشْهَدُ اَنَّ مُحَمَّدً اعَبْدُه وَرَسُولُه
আশ্ব্হাদু আল-লা-ইলা-হা ইল্লাল্লা-হু ওয়াহ্দাহু-লা-শ্বৰীকালাহু ওয়া আশ্ব্হাদু আন্না মুহাম্মাদান আ'বদুহু ওয়া ৰাছূলুহু।
I bear witness that (there is) no God except Allah; He has no partner, and I bear witness that Muhammad (Sall-Allahu Alayhi wa Sallam) is His Servant and Messenger.
আমি সাক্ষ্য দি আছো যে, আল্লাহ অবিহনে কোনো উপাস্য নাই। তেখেত এক, অদ্বিতীয় আৰু সাক্ষ্য দি আছো যে, মুহাম্মাদ(ছাঃ) তেখেতৰ বান্দা আৰু প্ৰেৰিত ৰাছূল।
তৃতীয় কালিমাৰ নাম হৈছে- কালিমায়ে তামজীদ। অৰ্থ হ'ল শ্ৰেষ্ঠত্ববাদ বাক্য। সাঁচ:অডিও
سُبْحَا[3]ن لِلّه وَ الْحَمْدُ لِلّهِ وَ لآ اِلهَ اِلّا اللّهُ، وَ اللّهُ اَكْبَرُ وَلا حَوْلَ وَلاَ قُوَّة ِلَّا بِاللّهِ الْعَلِىّ الْعَظِيْم
ছুবহানআল্লাহী ওয়ালহামদু লিল্লাহী ওয়ালা ইলাহা ইল্লাল্লাহু ওয়াল্লাহু আকবাৰ, ওয়ালা হাওলা ওয়ালা কুয়াতা ইল্লা বিল্লাহিল আলিইল আযীম।
Exalted is Allah, and praise be to Allah, and there is no deity except Allah, and Allah is the Greatest. And there is no might nor power except in Allah, the Most High, the Most Great.
মহিমান্বিত আল্লাহৰ, সমস্ত প্ৰশংসা আল্লাহৰ। আল্লাহ অবিহনে কোনো মাবুদ নাই। আল্লাহ মহান। সমস্ত পৱিত্ৰতা আল্লাহৰ, সকল প্ৰশংসা আল্লাহৰ। আল্লাহ অবিহনে কোনো শক্তি নাই, কোন ক্ষমতা নাই, তেখেত সম্মানিত, তেখেত মহান।
চতুৰ্থ কালিমাৰ নাম হৈছে- কালিমায়ে তাওহীদ। ইয়াৰ অৰ্থ হ'ল একত্ববাদ বাক্য। সাঁচ:অডিও
[3]لا الهَ اِلَّا اللّهُ وَحْدَهُ لا شَرِيْكَ لَهْ، لَهُ الْمُلْكُ وَ لَهُ الْحَمْدُ يُحْى وَ يُمِيْتُ وَ هُوَحَىُّ لَّا يَمُوْتُ اَبَدًا اَبَدًا ط ذُو الْجَلَالِ وَ الْاِكْرَامِ ط بِيَدِهِ الْخَيْرُ ط وَهُوَ عَلى كُلِّ شَئ ٍ قَدِيْرٌ
লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শ্বাৰিকা লাহু, লাহুল মুলকু ওলাহুল হামদু উহয়ী ওয়া ইয়োমিতু ওয়া হুয়া হাইয়ুল লা ইয়ামুতু আবাদান আবাদা জুল জালালি ওয়াল ইকৰাম বি ইয়াদিহিল খাইৰ ওয়া হুয়া আলা কুল্লি শ্বাইয়িন কাদিৰ
(There is) none worthy of worship except God. He is only One. (There are) no partners for Him. For He (is) the Kingdom. And for Him (is) the Praise. He gives life and causes death. And He (is) Alive. He will not die, never, ever. Possessor of Majesty and Reverence. In His hand (is) the goodness. And He (is) the goodness. And He (is) on everything powerful.
আল্লাহ অবিহনে কোনো উপাস্য নাই, তেখেত এক আৰু অদ্বিতীয়। তেখেতৰ কোনো অংশীদাৰ নাই। সকলো ক্ষমতা আৰু প্ৰশংসা তেখেতৰ বাবেই। তেখেত জীৱন আৰু মৃত্যুৰ মালিক। তেখেত চিৰঞ্জীৱ, তেখেত সকলো সম্মানৰ মালিক। তেখেতৰ হাততেই সকলো মঙ্গল আৰু তেখত সবলো বস্তুৰ ওপৰত ক্ষমতা ৰাখে।
ই অনুশোচনামূলক বাক্য হিচাপেও পৰিচিত। ইয়াৰ নাম কালিমা-ই-আস্তাগফেৰ। সাঁচ:অডিও
[3]اسْتَغْفِرُ اللّهَ رَبِّىْ مِنْ كُلِّ ذَنْبٍ اَذْنَبْتُه عَمَدًا اَوْ خَطَاً سِرًّا اَوْ عَلَانِيَةً وَاَتُوْبُ اِلَيْهِ مِنْ الذَّنْبِ الَّذِىْ اَعْلَمُ وَ مِنْ الذَّنْبِ الَّذِىْ لا اَعْلَمُ اِنَّكَ اَنْتَ عَلَّامُ الغُيُبِ وَ سَتَّارُ الْعُيُوْبِ و َغَفَّارُ الذُّنُوْبِ وَ لا حَوْلَ وَلا قُوَّةَ اِلَّا بِاللّهِ الْعَلِىِّ العَظِيْم'
আস্তাগফিৰুল্লাহা ৰাব্বি মিন কুল্লি জামবি আয নাবতুহু আমাদান আওখাতাআন ছিৰৰান আওয়ালা নিয়াতান ওয়াতুবু ইলাইহি মিনাযযামবিল্লাজি ওয়ামিনাযযামবিল্লাজি লা আলামু ইন্নাকা আনতা আল্লামুল গুয়ুবী ওয়া ছাত্তাৰুল উইয়ুবী ওয়া গাফফাৰুজজুনুবি ওয়ালা হাওলা ওয়ালা কুয়াতা ইল্লা বিল্লাহিল আলিউল আযীম।
I seek forgiveness from God, my Lord, from every sin I committed knowingly or unknowingly, secretly or openly, and I turn towards Him from the sin that I know and from the sin that I do not know. Certainly You, You (are) the knower of the hidden things and the Concealer (of) the mistakes and the Forgiver (of) the sins. And (there is) no power and no strength except from God, the Most High, the Most Great
মই আল্লাহৰ ওচৰত ক্ষমা বিচাৰো সকলো পাপৰ পৰা, যিটো মই সংঘটিত কৰিছো মোৰ জ্ঞাতসাৰে অথবা অজ্ঞাতসাৰে, গোপনে বা প্ৰকাশ্যে আৰু মই মোৰ পালনকৰ্তাৰ আশ্ৰয় বিছৰো সেই পাপৰ পৰা, যিটো পাপ মই জানো আৰু যিটো পাপ মই নাজানো। অৱশ্যেই আপুনি লুকাৱা আৰু গোপন (ভুল) পাপ সম্পৰ্কে জানে আৰু ক্ষমাশীল। আল্লাহ অবিহনে কোনো শক্তি নাই, কোনো ক্ষমতা নাই, তেখেত সম্মানিত, তেখেত মহান।
তৌহিদ/তাওহীদৰ সকলো প্ৰকাৰৰ সমন্বিত পূৰ্ণাঙ্গ সংজ্ঞা হৈছেঃ পৰিপূৰ্ণ গুণৰ সমন্বয়ত ৰব বা প্ৰতিপালকৰ একত্বতা সম্পৰ্কে বান্দাৰ জ্ঞান, বিশ্বাস, স্বীকৃতি আৰু ঈমান আৰু ইয়াত ৰবক (প্ৰতিপালকক) একক হিচাপে মানা, এই বিশ্বাস স্থাপন কৰা যে, তেওঁৰ কোনো অংশীদাৰ নাই, তেওঁৰ পূৰ্ণতাৰ কোনো উপমা নাই, তেওঁ সকলো বান্দাৰ বাবে ইলাহ আৰু মা‘বুদ (ইবাদতৰ একমাত্ৰ যোগ্য), আনকি সকলো ধৰণৰ ইবাদতৰ ক্ষেত্ৰত তেওঁক একক বুলি স্বীকাৰ কৰা (আন কাকো অংশীদাৰ স্থাপন নকৰা)।[4]
তৌহিদক তিনিটা প্ৰকাৰত ভাগ কৰা দেখা যায়।
প্ৰথমঃ তাওহীদুৰ ৰুবুবিয়্যাহঃ আল্লাহক একমাত্ৰ সৃষ্টিকৰ্তা, ৰিযিকদাতা (জীৱিকাদাতা), পৰিচালনাকাৰী আৰু লালন-পালনকাৰী হিচাপে স্বীকাৰ কৰা।
দ্বিতীয়ঃ তাওহীদুল আছমা ওৱাচ্ ছিফাতঃ আল্লাহে নিজৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে অথবা ৰাছুল মুহাম্মাদে(ছাঃ) আল্লাহৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে সেইবোৰৰ কোনো সাদৃশ্য আৰু উপমা, বিকৃতি আৰু পৰিৱৰ্তন নকৰি আল্লাহৰ বাবে সাব্যস্ত কৰা।
তৃতীয়ঃ তাওহীদুল ইবাদাহঃ সকলো ধৰণৰ ইবাদতৰ বাবে আল্লাহক এক ও একক বুলি স্বীকাৰ কৰা আৰু তেওঁৰ লগত শ্বিৰ্ক নকৰি ইবাদতত একনিষ্ঠ হোৱা। এতেকে, তাওহীদৰ ওপৰোক্ত প্ৰকাৰসমূহ সম্পূৰ্ণৰূপে ধাৰণ নকৰিলে আৰু এইবোৰক প্ৰতিষ্ঠা নকৰিলে বান্দাহে মুআহহিদ তথা একত্ববাদী হ’ব নোৱাৰিব।[5]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.