কমলা দাস
ইংৰাজী আৰু মালয়ালম ভাষাৰ ভাৰতীয় সাহিত্যিক / From Wikipedia, the free encyclopedia
কমলা দাস (ইংৰাজী: Kamala Das; ৩১ মাৰ্চ ১৯৩৪ – ৩১ মে' ২০০৯), এগৰাকী ইংৰাজী ভাষাৰ ভাৰতীয় কবি। তেওঁ মালয়ালম ভাষাৰো শীৰ্ষস্থানীয় লেখক। কমলা লেখনিসূত্ৰে মাধৱিকুট্টি ছদ্মনামেৰে পৰিচিত আৰু বিবাহসূত্ৰে তেওঁৰ নাম কমলা দাস। ভাৰতবৰ্ষ ব্ৰিটিছ শাসনাধীন হৈ থাকোঁতে কেৰালাত কমলাৰ জন্ম হৈছিল। মালয়ালমত চুটিগল্প আৰু আত্মকথা লিখি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল, কিন্তু ইংৰাজী ভাষাত তেওঁ নাম কৰিছিল ঘাইকৈ কবিতা আৰু নিৰ্ভীক আত্মকথাৰে। বিভিন্ন কাকতত নাৰী, শিশু, ৰাজনীতি বিষয়ক বিভিন্ন প্ৰবন্ধ লিখি তেওঁ এগৰাকী বহুপঠিত স্তম্ভলেখক ৰূপেও জনপ্ৰিয়তা অৰ্জন কৰিছিল। সকলো অপৰাধবোধৰপৰা মুক্ত হৈ নাৰীৰ যৌনতা সম্পৰ্কে তেওঁ যি উদাৰ দৃষ্টিভংগী ৰাখিছিল, ই তেওঁৰ লেখাক শক্তি যোগাইছিল আৰু স্বাধীনতাৰ পিছত এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন লেখক ৰূপে তেওঁ নাম কৰিছিল। তেওঁৰ প্ৰজন্মৰ লেখকসকলৰ মাজত তেওঁক নাৰীমুক্তি আন্দোলনৰ অন্যতম বাটকটীয়া হিচাপে চিহ্নিত কৰা হয়।[1] ৩১ মে' ২০০৯ চনত ৭৫ বছৰ বয়সত পুনেৰ এখন চিকিৎসালয়ত কমলা দাসৰ মৃত্যু হয়।[2]এটা ৰক্ষণশীল হিন্দু পৰিয়ালত কমলাৰ জন্ম হৈছিল যদিও মৃত্যুৰ প্ৰায় দহ বছৰ পূৰ্বে ১৯৯৯ চনৰ ১১ ডিচেম্বৰ তাৰিখে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু নিজৰ নাম সলাই কমলা সুৰইয়া ৰাখিছিল। মৃত্যুৰ পিছত তেওঁলৈ শ্ৰদ্ধাঞ্জলি হিচাপে গুগলে ২০১৮ চনৰ ১ ফেব্ৰুৱাৰীত হোমপেজত এটা গুগল ডুডল প্ৰকাশ কৰে।[3] আৰু একে চনৰে ৯ ফেব্ৰুৱাৰী তাৰিখে কমলাৰ জীৱনভিত্তিক চলচ্চিত্ৰ আমি মুক্তি পায়।[4]
কমলা দাস | |
---|---|
জন্ম | কমলা ৩১ মাৰ্চ, ১৯৩৪ পুন্নায়ুৰকুলম, মাদ্ৰাজ প্ৰেচিডেন্সি, ঔপেনিৱেশিক ভাৰত |
মৃত্যু | ৩১ মে', ২০০৯ (৭৫ বছৰ) পুনে, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | কবি, ঔপন্যাসিক, গল্পকাৰ |
দাম্পত্যসঙ্গী | কে. মাধৱ দাস |
সন্তান |
|
আত্মীয়-স্বজন |
|
বঁটা, সন্মান, পুৰস্কাৰ আদি | সাহিত্য অকাডেমি বঁটা, এচিয়ান প’য়েট্ৰি প্ৰাইজ, কেণ্ট এৱাৰ্ড, সাহিত্যৰ ন'বেল বঁটাৰ বাবে মনোনয়ন |