From Wikipedia, the free encyclopedia
ঔদ্যোগিক আৱৰ্জনা ঔদ্যোগিক কাৰ্যকলাপৰ ফলত উৎপন্ন হোৱা আৱৰ্জনা, য'ত যিকোনো সামগ্ৰী থাকে; যিবোৰ কাৰখানা, মিল আৰু খনন কাৰ্যৰ উৎপাদন প্ৰক্ৰিয়াৰ সময়ত বাহিৰ কৰি পেলোৱা হয়। ঔদ্যোগিক আৱৰ্জনাসমূহৰ প্ৰকাৰসমূহৰ ভিতৰত আছে মলি আৰু শিলগুটি, শিলৰ কাম আৰু কংক্ৰিট, ধাতুৰ টুকুৰা, তেল, দ্ৰাৱক, ৰাসায়নিক পদাৰ্থ, স্ক্ৰেপ কাঠ, আনকি ৰেষ্টুৰেণ্টৰ পৰা পেলোৱা শাক-পাচলিও। ঔদ্যোগিক আৱৰ্জনা কঠিন, অৰ্ধকঠিন বা তৰল ৰূপৰ হ’ব পাৰে। ই বিপজ্জনক আৱৰ্জনা (যিবোৰৰ কিছুমান প্ৰকাৰ বিষাক্ত) বা অ-বিপজ্জনক আৱৰ্জনা হ’ব পাৰে। ঔদ্যোগিক আৱৰ্জনাবোৰে ওচৰৰ মাটি বা কাষৰীয়া জলভাগ প্ৰদূষিত কৰিব পাৰে আৰু ভূগৰ্ভস্থ পানী, হ্ৰদ, নৈ, নদী বা উপকূলীয় পানী দূষিত কৰিব পাৰে।[1] ঔদ্যোগিক আৱৰ্জনাক প্ৰায়ে পৌৰসভাৰ আৱৰ্জনাৰ সৈতে সাঙুৰি লোৱা হয়, যাৰ ফলত ইয়াৰ সঠিক মূল্যায়ন কৰাটো কঠিন হৈ পৰে। এক অনুমান মতে, ২০১৭ চনলৈকে আমেৰিকাৰ বছৰি ৭.৬ বিলিয়ন টন ঔদ্যোগিক আৱৰ্জনা উৎপন্ন হয়।[2] বেছিভাগ দেশেই ঔদ্যোগিক আৱৰ্জনা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আইন প্ৰণয়ন কৰিছে, কিন্তু কঠোৰতা আৰু অনুসৰণৰ ব্যৱস্থা বেলেগ বেলেগ। ইয়াক বলবৎ কৰাটো সদায় এটা বেলেগ বিষয় হৈ আছে।
বিভিন্ন দেশৰ চৰকাৰে ব্যৱহাৰ কৰা আৱৰ্জনাসমূহৰ শ্ৰেণীবিভাজন এনে ধৰণৰ:- বিপজ্জনক আৱৰ্জনা, ৰাসায়নিক আৱৰ্জনা, উদ্যোগিক কঠিন আৱৰ্জনা আৰু পৌৰসভাৰ কঠিন আৱৰ্জনা। নলা পৰিশোধন প্লাণ্টে কিছুমান ঔদ্যোগিক আৱৰ্জনা অৰ্থাৎ জৈৱ-ৰাসায়নিক অক্সিজেন চাহিদা (BOD)ৰ দৰে গতানুগতিক প্ৰদূষকৰে গঠিত আৱৰ্জনা পৰিশোধন কৰিব পাৰে। বিষাক্ত প্ৰদূষক বা অন্যান্য প্ৰদূষক (যেনে এমোনিয়া)ৰ উচ্চ ঘনত্ব থকা ঔদ্যোগিক আৱৰ্জনাসমূহৰ বাবে বিশেষ পৰিশোধন ব্যৱস্থাৰ প্ৰয়োজন হয়॥[3] ঔদ্যোগিক আৱৰ্জনাসমূহক ইয়াৰ বৈশিষ্ট্যৰ ভিত্তিত শ্ৰেণীভুক্ত কৰিব পাৰি:
বহুতো কাৰখানা আৰু বেছিভাগ শক্তি কেন্দ্ৰ পানীৰ উৎসৰ ওচৰত অৱস্থিত, যাতে উৎপাদন প্ৰক্ৰিয়াৰ বাবে বা সঁজুলি শীতল কৰাৰ বাবে প্ৰচুৰ পৰিমাণে পানীৰ সুবিধা লাভ কৰিব পৰা যায়।[4] আমেৰিকাত বিদ্যুৎ শক্তি কেন্দ্ৰই পানীৰ সৰ্বাধিক ব্যৱহাৰ কৰে। বৃহৎ পৰিমাণৰ পানী ব্যৱহাৰ কৰা আন উদ্যোগসমূহ হ'ল পাল্প আৰু কাগজ কল, ৰাসায়নিক উদ্যোগ, লোহা আৰু তীখা কল, পেট্ৰলিয়াম শোধনাগাৰ, খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আৰু এলুমিনিয়াম গলনাগাৰ।[5]
ঔদ্যোগীকৰণ হৈ থকা বহু কম উন্নত দেশত এতিয়াও পৰিৱেশৰ ওপৰত প্ৰভাৱ ন্যূনতম কৰিবলৈ নিজৰ আৱৰ্জনা নিষ্কাশন কৰাৰ কোনো আহিলা বা প্ৰযুক্তি নাই।[6] অপৰিশোধিত আৰু আংশিকভাৱে পৰিশোধিত দুয়োবিধ বৰ্জ্য পানী সাধাৰণতে ওচৰতে থকা জলাশয়লৈ বোঁৱাই পঠিওৱা হয়। নলা-নৰ্দমাৰে জলভাগলৈ নিৰ্গত হোৱা ধাতু, ৰাসায়নিক পদাৰ্থৰ ফলত সাগৰীয় পৰিৱেশ তন্ত্ৰ আৰু খাদ্য বা খোৱাপানীৰ উৎস হিচাপে পানীৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে। বৰ্জ্য পানীৰ পৰা ওলোৱা বিষাক্ত পদাৰ্থই সাগৰীয় জীৱক হত্যা কৰিব পাৰে বা দূষিত পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি এই সাগৰীয় জীৱ-জন্তুবোৰ খোৱাসকলৰ বিভিন্ন মাত্ৰাৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। জলভাগত নিৰ্গত হোৱা ধাতু আৰু ৰাসায়নিক পদাৰ্থই সাগৰীয় পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰে।[7]
পুষ্টিকৰ উপাদান (নাইট্ৰেট আৰু ফছফেট) থকা বৰ্জ্য পানীয়ে প্ৰায়ে ইউট্ৰফিকেচনৰ সৃষ্টি কৰে, যিয়ে জলভাগত থকা জীৱক প্ৰাণনাশ কৰিব পাৰে। জল প্ৰদূষণৰ উৎপত্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি থাইলেণ্ডৰ এক অধ্যয়নত দেখা গৈছে যে, ইউ-টাপাও নদীৰ পানী দূষণ আৰু সৰ্বাধিক ঘনত্বৰ ঔদ্যোগিক বৰ্জ্য পানীৰ নিষ্কাশনৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে।[8] তাপ প্ৰদূষণ—শীতল কৰাৰ বাবে ব্যৱহাৰ কৰাৰ পিছত উচ্চ উষ্ণতাত পানী নিৰ্গত হোৱাৰ ফলতো পানী প্ৰদূষিত হ’ব পাৰে। পানীৰ উষ্ণতা বৃদ্ধিয়ে অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰে, যাৰ ফলত মাছ মৃত্যুমুখত পৰিব পাৰে আৰু খাদ্য শৃংখল গঠন সলনি কৰিব পাৰে, প্ৰজাতিৰ জৈৱ বৈচিত্ৰ্য হ্ৰাস কৰিব পাৰে আৰু নতুন তাপপ্ৰেমী মৎস্য প্ৰজাতিৰ আক্ৰমণক উৎসাহিত কৰিব পাৰে।[9]
গোটা বা কঠিন আৱৰ্জনা, যাক প্ৰায়ে পৌৰসভাৰ কঠিন আৱৰ্জনা বুলি কোৱা হয়, সাধাৰণতে অ-বিপজ্জনক সামগ্ৰীক বুজায়। এই শ্ৰেণীত নিৰ্মাণৰ ধ্বংসাৱশেষ আৰু চোতালৰ আৱৰ্জনা আদি সামগ্ৰীকে ধৰি বিভিন্ন কঠিন আৱৰ্জনা অন্তৰ্ভুক্ত হ’ব পাৰে। বিপজ্জনক আৱৰ্জনাসমূহৰ সাধাৰণতে নিৰ্দিষ্ট সংজ্ঞা থাকে, কাৰণ এনে আৱৰ্জনাসমূহৰ বাবে অধিক সাৱধান আৰু জটিল পৰিচালনাৰ প্ৰয়োজন হয়। আমেৰিকাৰ আইন অনুসৰি আৱৰ্জনাক কিছুমান বিশেষ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বিপজ্জনক হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি: প্ৰজ্বলন ক্ষমতা, বিক্ৰিয়াশীলতা, জাৰণ ক্ষমতা আৰু বিষক্ৰিয়া। কিছু ধৰণৰ বিপজ্জনক আৱৰ্জনা নিয়মত বিশেষভাৱে তালিকাভুক্ত কৰা হৈছে।[10][11]
ঔদ্যোগিক আৱৰ্জনাসমূহৰ অন্যতম বিধ্বংসী প্ৰভাৱ হৈছে জল প্ৰদূষণ। বহুতো ঔদ্যোগিক প্ৰক্ৰিয়াৰ বাবে পানী ব্যৱহাৰ কৰা হয়, যিটো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহে। এই ৰাসায়নিক পদাৰ্থসমূহৰ ভিতৰত জৈৱিক যৌগ (যেনে দ্ৰাৱক), ধাতু, পুষ্টিকৰ পদাৰ্থ বা তেজস্ক্ৰিয় পদাৰ্থ থাকিব পাৰে। যদিহে বৰ্জ্য পানী পৰিশোধন নকৰাকৈ নিক্ষেপ কৰা হয়, তেন্তে ভূগৰ্ভস্থ পানী আৰু পৃষ্ঠীয় জলভাগ—হ্ৰদ, নৈ, নদী আৰু উপকূলীয় পানী— প্ৰদূষিত হ’ব পাৰে, যাৰ ফলত মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। খেতিৰ বাবে ব্যৱহাৰ কৰা খোৱাপানীৰ উৎস আৰু জলসিঞ্চনৰ পানী প্ৰভাৱিত হ’ব পাৰে। প্ৰদূষকবোৰে জীৱ-জন্তু আৰু উদ্ভিদৰ বাসস্থানৰ অৱক্ষয় বা ধ্বংস কৰিব পাৰে। উপকূলীয় অঞ্চলত মাছ আৰু অন্যান্য জলজ জীৱ-জন্তু অপৰিশোধিত আৱৰ্জনাৰে দূষিত হ’ব পাৰে; বিল আৰু অন্যান্য বিনোদনমূলক অঞ্চল ক্ষতিগ্ৰস্ত বা বন্ধ হ'ব পাৰে।[12]:273–309 [13]
থাইলেণ্ডত পৌৰসভাৰ কঠিন আৱৰ্জনা (MSW) ব্যৱস্থাপনা আৰু ঔদ্যোগিক আৱৰ্জনা ব্যৱস্থাপনাৰ ভূমিকাসমূহ কেন্দ্ৰীয় (ৰাষ্ট্ৰীয়) চৰকাৰ, আঞ্চলিক চৰকাৰ আৰু স্থানীয় চৰকাৰ হিচাপে সংগঠিত ৰয়েল থাই চৰকাৰে সংগঠিত কৰে। প্ৰতিখন চৰকাৰে বিভিন্ন কামৰ বাবে দায়বদ্ধ। নিয়ন্ত্ৰণ, নীতি, মানদণ্ডক উদ্দীপিত কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় আৰু স্থানীয় চৰকাৰৰ সমন্বয়ৰ দায়িত্ব আঞ্চলিক চৰকাৰসমূহৰ। স্থানীয় চৰকাৰসমূহে নিজৰ শাসিত অঞ্চলত আৱৰ্জনা ব্যৱস্থাপনাৰ দায়িত্ব লয়।[14] কিন্তু স্থানীয় চৰকাৰসমূহে আৱৰ্জনাসমূহ নিজে নিষ্কাশন নকৰে বৰঞ্চ থাইলেণ্ডৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ পৰা (পিচিডি) অধিকাৰ লাভ কৰা ব্যক্তিগত কোম্পানীক নিযুক্তি দিয়ে।[15] মূল কোম্পানীসমূহ হ'ল বেংপু ঔদ্যোগিক আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ,[16] সাধাৰণ পৰিৱেশ সংৰক্ষণ পাব্লিক কোম্পানী লিমিটেড (জেনকো),[17] এছজিএছ থাইলেণ্ড,[18] আৱৰ্জনা ব্যৱস্থাপনা চিয়াম এলটিডি (ডব্লিউএমএছ),[19] আৰু বেটাৰ ৱৰ্ল্ড গ্ৰীণ পাব্লিক কোম্পানী লিমিটেড (বি ডব্লিউ জি)।[20] এই কোম্পানীবোৰে গ্ৰাহকৰ পৰা পোৱা আৱৰ্জনাবোৰ পৰিৱেশত মিহলি হোৱাৰ আগতে, পুতি থোৱাৰ বাবে দায়বদ্ধ।
১৯৭৬ চনৰ সম্পদ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ আইন (Resource Conservation and Recovery Act - RCRA)ত আমেৰিকাত ঔদ্যোগিক, ঘৰুৱা আৰু উৎপাদন কঠিন আৰু বিপজ্জনক আৱৰ্জনাসমূহৰ ফেডাৰেল নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে।[11][21] আৰ চি আৰ এৰ লক্ষ্য হৈছে প্ৰাকৃতিক সম্পদ আৰু শক্তি সংৰক্ষণ কৰা, মানৱ স্বাস্থ্য সুৰক্ষিত কৰা, আৱৰ্জনা নিৰ্মূল বা হ্ৰাস কৰা আৰু প্ৰয়োজনৰ সময়ত আৱৰ্জনা পৰিষ্কাৰ কৰা।[21] ১৯৬৫ চনৰ কঠিন আৱৰ্জনা নিষ্কাশন আইনখনৰ সংশোধনী হিচাপে আৰ চি আৰ এৰ প্ৰথম আৰম্ভ হৈছিল আৰু ১৯৮৪ চনত কংগ্ৰেছে বিপজ্জনক আৰু কঠিন আৱৰ্জনা সংশোধনী (HSWA) গৃহীত কৰে, যিয়ে আৰ চি আৰ এক অধিক শক্তিশালী কৰে:[22]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.