![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9c/Gull_-_Anorexia_Miss_A.jpg/640px-Gull_-_Anorexia_Miss_A.jpg&w=640&q=50)
এন'ৰেক্সিয়া নাৰ্ভ'ছা
From Wikipedia, the free encyclopedia
এন'ৰেক্সিয়া নাৰ্ভ'ছা বা এন'ৰেক্সিয়া (ইংৰাজী: anorexia nervosa)[11] হৈছে এক খাদ্যাভাসৰ বিকাৰ, যাৰ বিশেষত্ব হৈছে কম ওজন, খাদ্যৰ সীমাবদ্ধতা, ওজন বৃদ্ধি হোৱাৰ ভয় আৰু ক্ষীণ হোৱাৰ তীব্ৰ আকাংক্ষা।[12] এনোৰেক্সিয়া থকা বহুলোকে নিজকে অধিক ওজনৰ বুলি বিবেচনা কৰে যদিও তেওঁলোকৰ ওজন প্ৰকৃততে কম।[12][13] তেওঁলোকৰ ওজন প্ৰয়োজনতকৈয়ো বহুত কম হʼলেও প্ৰায়ে তেওঁলোকে অস্বীকাৰ কৰে যে তেওঁলোকৰ ওজন কম।[14] তেওঁলোকে সঘনাই নিজৰ দেহৰ ওজন জোখে, কম পৰিমাণে খায় আৰু কেৱল কিছুমান খাদ্যহে খায়।[12] কিছুমানে অত্যধিক ব্যায়াম কৰে আৰু নিজকে বমি কৰাবলৈ বাধ্য কৰে, বা ওজন হ্ৰাস কৰিবলৈ ৰেচক ব্যৱহাৰ কৰে।[12]
![]() | এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
এন'ৰেক্সিয়া নাৰ্ভ'ছা | |
---|---|
অন্য নাম | এন'ৰেক্সিয়া |
![]() | |
১৮৬৬ আৰু ১৮৭০ চনত চিকিৎসাৰ পিছত "মিছ এ-"ক চিত্ৰিত কৰা হৈছিল। তেওঁ এনোৰেক্সিয়াৰ প্ৰথম উদাহৰণ বুলি অধ্যয়নবোৰত প্ৰকাশ (ছাৰ উইলিয়াম গুল, প্ৰথম বেৰোনেটৰ প্ৰকাশিত চিকিৎসা পত্ৰ) | |
বিভাগ | মনোৰোগ বিজ্ঞান, ক্লিনিকেল মনোবিজ্ঞান |
লক্ষণ | অত্যধিক কম ওজন, ওজন বৃদ্ধি হোৱাৰ ভয়, ক্ষীণ হোৱাৰ তীব্ৰ আকাংক্ষা, খাদ্যৰ সীমাবদ্ধতা[1] |
জটিলতা | অষ্টিওপোৰোচিছ, বন্ধ্যাত্ব, হৃদযন্ত্ৰৰ ক্ষতি, আত্মহত্যা[2] |
আৰম্ভণি | কিশোৰৰ পৰা ডেকা প্ৰাপ্তবয়স্কহোৱালৈ[3] |
কাৰণ | অজ্ঞাত[4] |
আশংকাৰ কাৰণ | পাৰিবাৰিক ইতিহাস, উচ্চ-স্তৰৰ এথলেটিকছ, মডেলিং, নৃত্য |
একেধৰণৰ ৰোগ | শৰীৰৰ ডিচমৰ্ফিক বিকাৰ, বুলিমিয়া নাৰ্ভোচা, পদাৰ্থ ব্যৱহাৰৰ বিকাৰ, হাইপাৰথাইৰইডিজম, ডিচফেজিয়া, কৰ্কট ৰোগ[5] |
চিকিৎসা | জ্ঞানীয়-আচৰণ চিকিৎসা, ওজন পুনৰুদ্ধাৰ কৰিবলৈ চিকিৎসালয়ত ভৰ্তি[6][7] |
আৰোগ্য সম্ভাৱনা | ১০ বছৰতকৈ অধিক বয়সৰ লোকৰ ৫% মৃত্যুৰ বিপদাশংকা[8][9] |
পুনৰাবৃত্তি | ২৯ লাখ (২০১৫)[10] |
এই বিকাৰৰ জটিলতাবোৰৰ ভিতৰত অন্তৰ্ভুক্ত থাকিব পাৰে অষ্টিওপোৰোচিছ, বন্ধ্যাত্ব আৰু হৃদযন্ত্ৰৰ ক্ষতি।[12] ইয়াৰ ফলত মহিলাসকলৰ ঋতুস্ৰাৱ বন্ধ হʼব পাৰে।[15] চৰম ক্ষেত্ৰত, এন'ৰেক্সিয়া থকা লোক যিসকলে যেতিয়া নিৰন্তৰভাৱে স্বাভাৱিক বা নিয়মীয়া আহাৰ গ্ৰহণ আৰু ওজন পুনৰুদ্ধাৰ অস্বীকাৰ কৰে, তেতিয়া মনোৰোগ বিশেষজ্ঞসকলে তেওঁলোকক সিদ্ধান্ত লোৱাত অক্ষম বুলি ঘোষণা কৰে। এনেক্ষেত্ৰত তেওঁলোকৰ পিতৃ-মাতৃ বা অভিভাৱকক তেওঁলোকৰ বাবে সিদ্ধান্ত ল'বলৈ কোৱা হয়। কিছুক্ষেত্ৰত তেওঁলোকক নেচোগেষ্ট্ৰিক টিউবৰ জৰিয়তে বলপূৰ্বকভাবে আহাৰ খুৱাই দিয়া হয়।[16]
এন'ৰেক্সিয়া নাৰ্ভ'ছাৰ মূল কাৰণ বৰ্তমান অজ্ঞাত।[17] এই বিকাৰ ভ্ৰাতৃত্বপূৰ্ণ যমজ সন্তানতকৈ অধিক সদৃশ যমজ সন্তানৰ ওপৰত সঘনাই প্ৰভাৱিত হোৱা দেখা যায়।[18] ইয়াত সামাজিক আৰু সাংস্কৃতিক কাৰকবোৰেও এক ভূমিকা পালন কৰা দেখা যায়।[19] যিবোৰ সমাজে ক্ষীণ দেহক বেছি গুৰুত্ব দিয়ে, তেনে সমাজত এই ৰোগৰ হাৰ অধিক দেখা যায়। ইয়াৰ উপৰিও, উচ্চ-স্তৰৰ এথলেটিকছ, মডেলিং আৰু নৃত্যৰ দৰে ক্ষেত্ৰ ক্ষীণ দেহক গুৰুত্ব দিয়া কাৰ্যকলাপৰ সৈতে জড়িত লোকসকলৰ মাজত ই সচৰাচৰ অধিক হয়।[20] এন'ৰেক্সিয়া প্ৰায়ে এক গুৰুত্বপূৰ্ণ জীৱনৰ পৰিৱৰ্তনৰ ফলত বা চাপ সৃষ্টিকাৰী ঘটনাৰ ফলত আৰম্ভ হোৱা দেখা যায়। এই ৰোগ নিৰ্ণয়ৰ বাবে যথেষ্ট কম ওজনৰ প্ৰয়োজন। এই ৰোগৰ তীব্ৰতা শৰীৰৰ ভৰ সূচকৰ (বিএমআই) ওপৰত আধাৰিত। যেনে 17-তকৈ অধিক বিএমআই- "মৃদু", 16ৰ পৰা 17 বিএমআই- "মজলীয়া", 15ৰ পৰা 16 বিএমআই- "গুৰুতৰ", আৰু 15-তকৈ কম বিএমআই- "চৰম" পৰ্য্যায় বুলি ধৰা হয়।[21]