এচিদ বৰষুণ
একবিংশ শতিকাৰ এক অন্যতম বিশ্বজনীন সমস্যা / From Wikipedia, the free encyclopedia
অম্লবৃষ্টি বা এচিড-বৰষুণ (ইংৰাজী: Acid rain) বৰ্ত্তমান শতিকাৰ এক অন্যতম বিশ্বজনীন সমস্যা। কল-কাৰখানা আৰু উদ্যোগবিলাকত ব্যৱহাৰ হোৱা বিভিন্ন জৈৱিক ইন্ধনবিলাকৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণৰ ছালফাৰ-ডাই-অক্সাইড, নাইট্ৰ'জেন অক্সাইড আৰু হাইড্ৰ'জেন ক্লৰাইড আদি গেছ বায়ুমণ্ডললৈ নিৰ্গত হয়। বায়ুমণ্ডলত এই গেছসমূহ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি ক্ৰমে ছালফিউৰিক এচিড, নাইট্ৰিক এচিড আৰু হাইড্ৰক্ল'ৰিক এচিডলৈ ৰূপান্তৰিত হয়। এই এচিডবিলাক বৰষুণৰ পানীৰ লগত লগ হৈ অম্লবৃষ্টি হিচাপে পৃথীৱীত পৰে। বৰষুণৰ পানীৰ pH-ৰ মান ৫.৬তকৈ হ্ৰাস পালে ইয়াৰ ধৰ্ম আম্লিক হয়। অম্লবৃষ্টিত প্ৰায় ৬০ শতাংশ ছালফিউৰিক এচিড, ৩৫ শতাংশ নাইট্ৰিক এচিড আৰু খুব কম পৰিমাণৰ হাইড্ৰক্ল'ৰিক এচিড আদি থাকে। [1]