এক্ৰ'ফ'বিয়া
উচ্চতাৰ প্ৰতি ভয় / From Wikipedia, the free encyclopedia
এক্ৰ’ফ’বিয়া (ইংৰাজী: Acrophobia) হৈছে উচ্চতাৰ প্ৰতি এক চৰম বা অযুক্তিকৰ ভয় বা ফ’বিয়া। এক্ৰ’ফ’বিয়াক এক নিৰ্দিষ্ট ফ’বিয়া হিচাপে সংজ্ঞায়িত কৰা হয় য’ত পেনিক এটেকৰ লক্ষণ দেখা দিয়ে যাৰ ফলত মানসিক আৰু/বা সামাজিক অক্ষমতা দেখা দিব পাৰে।[1] এক্ৰ’ফ’বিয়া ৰোগীয়ে ওখ ঠাইৰ পৰা নিজকে নিৰাপদে তললৈ নমাই আনিবলৈ অত্যন্ত উত্তেজিত হৈ পৰিব পাৰে। সাধাৰণ জনসংখ্যাৰ প্ৰায় ২–৫% লোকৰ এক্ৰ'ফ'বিয়া হয়, পুৰুষতকৈ দুগুণ বেছি মহিলাই এই ৰোগত আক্ৰান্ত হয়।[2]