এংকৰ ৱাট
কম্বোডিয়াত অৱস্থিত এক ধৰ্মীয় স্থাপত্য আৰু ই মাটিকালিৰ জোখেৰে পৃথিৱীৰ সৰ্ববৃহৎ মন্দিৰ চৌহদ / From Wikipedia, the free encyclopedia
এংকৰ ৱাট (ইংৰাজী: Angkor Wat) বা আক্ষৰিক অৰ্থত "মন্দিৰৰ নগৰ"[2]) হৈছে কম্বোডিয়াত অৱস্থিত এক ধৰ্মীয় স্থাপত্য আৰু ই মাটিকালিৰ জোখেৰে পৃথিৱীৰ সৰ্ববৃহৎ মন্দিৰ চৌহদ।[3] ইয়াৰ মুঠ মাটিকালি ৪০২ একৰ (১.৬২৬ বৰ্গ কি:মি:)।[4] এই মন্দিৰটো দ্বাদশ শতিকাৰ প্ৰথমভাগত ৰজা দ্বিতীয় সূৰ্যবৰ্মনে সেই সময়ৰ ক্ষ্মেৰ সাম্ৰাজ্যৰ ৰাজধানী যশোধাৰাপুৰ অৰ্থাৎ সাম্প্ৰতিক কালৰ এংকৰত ৰাজ্যিক মন্দিৰ হিচাপে নিৰ্মাণ কৰাইছিল।[5][6][7] আৰম্ভণিতে ক্ষ্মেৰ ৰজা দ্বিতীয় সূৰ্যবৰ্মণৰ ব্যক্তিগত উপাসনা গৃহ হিচাপে নিৰ্মাণ কৰা বিষ্ণুৰ এই মন্দিৰটো দ্বাদশ শতিকাৰ শেষৰফাললৈ এক বৌদ্ধ মন্দিৰলৈ ৰূপান্তৰিত হয়।[7][8]
អង្គរវត្ត | |
মূল ভৱনৰ সমুখভাগ | |
বিকল্প নাম | নকৰ ৱাট |
---|---|
অৱস্থিতি | চিয়েম ৰিপ, কম্বোডিয়া |
সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা | 65 মিটাৰ (213 ফুট) |
ইতিহাস | |
নিৰ্মাতা | সূৰ্যবৰ্মণ দ্বিতীয় (আৰম্ভণি) |
স্থাপনা | দ্বাদশ শতিকাৰ প্ৰথমভাগ[1] |
সভ্যতা | ক্ষ্মেৰ সাম্ৰাজ্য |
স্থাপত্য | |
স্থাপত্যশৈলী | ক্ষ্মেৰ স্থাপত্য (এংকৰ ৱাট শৈলী) |
আধিকাৰিক নাম | এংকৰ |
ধৰণ | সাংস্কৃতিক |
চৰ্ত | i, ii, iii, iv |
নিৰ্ধাৰিত | ১৯৯২ |
প্ৰসংগ সংখ্যা | 668 |
সবাতোকৈ সংৰক্ষিত মন্দিৰ হোৱাৰ বাবে স্থাপন কালৰেপৰা বৰ্তমানলৈকে ধৰ্মীয় কেন্দ্ৰস্থল হিচাপে পৰিগণিত হৈ থকা এইটোৱেই একমাত্ৰ মন্দিৰ। এংকৰ ৱাটক ক্ষ্মেৰ স্থাপত্যৰ সৰ্বোৎকৃষ্ট নিদৰ্শন বুলি কোৱা হয়। ই কম্বোডিয়াকে ধৰি সমগ্ৰ বিশ্বৰে গুৰুত্বপূৰ্ণ বৌদ্ধ তীৰ্থস্থানসমূহৰ অন্যতম।[9] ইয়াক কম্বোডিয়াৰ জাতীয় চিহ্নসমূহৰ মাজত স্থান দিয়া হয়[10] আৰু দেশখনৰ ৰাষ্ট্ৰীয় পতাকাতো ইয়াক অংকন কৰা হয়। এংকৰ ৱাট কম্বোডিয়া প্ৰধান পৰ্যটন স্থল।[11] কম্বোডিয়াক এক বৌদ্ধধৰ্মীয় দেশ হিচাপে গঢ় দিয়াত এংকৰ ৱাটৰ অন্যতম ভূমিকা আছে।[8]
এংকৰ ৱাটৰ স্থাপত্যত দুটা প্ৰধান বৈশিষ্ট্য দেখা যায়। সেয়া হৈছে শৃংগ-শৈলী বা টেম্পল মাউনণ্টেইন আৰু 'পাৰ্শীয়-পদপথ বা গেলেৰী। ই হিন্দু আৰু বৌদ্ধ ধৰ্মবিশ্বাসৰ দেৱতাৰ নিবাসস্থান মেৰু পৰ্বতক প্ৰতিনিধিত্ব কৰে। ই প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা খাৱৈ[12] ৩.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেৱালেৰে আগুৰা। মন্দিৰটোত তিনিটা চতুৰ্ভুজাকাৰ পাৰ্শ্বীয় পদপথ বা গেলেৰী আছে। এইকেইটা এটাৰ ওপৰত আনটো অৱস্থিত। মন্দিৰৰ মাজভাগত পঞ্চবৃক্ষ (ইংৰাজী: quincunx) সজ্জাত পাঁচটা স্তম্ভ আছে। মন্দিৰৰ বেৰত খোদিত শৈলভাস্কৰ্য আৰু অনন্য স্থাপত্যশৈলীৰ বাবে এংকৰ ৱাট প্ৰসিদ্ধ। ১৯৯২ চনত এংকৰ ৱাটক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা প্ৰদান কৰা হয়।