![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/06/Uma_Bharati_in_2014.jpg/640px-Uma_Bharati_in_2014.jpg&w=640&q=50)
উমা ভাৰতী
ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু বৰ্তমান নৰেন্দ্ৰ মোদীৰ কেবিনেটত পেয়জল আৰু স্বচ্ছতা মন্ত্ৰী / From Wikipedia, the free encyclopedia
উমা ভাৰতী (জন্ম ৩ মে ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু বৰ্তমান নৰেন্দ্ৰ মোদীৰ কেবিনেটত পেয়জল আৰু স্বচ্ছতা মন্ত্ৰী। তেওঁ কম বয়সৰ পৰায়ে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত। তেওঁ ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছিল। কিন্তু তেওঁ এই নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰিলে। তাৰপিছত তেওঁ খাজুৰাহু লোকসভা সমষ্টিৰ পৰা ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনৰ লোকসভালৈ একেৰাহে তিনিবাৰ নিৰ্বাচিত হয়। ১৯৯৯ চনত তেওঁ ভূপাল লোকসভা সমষ্টিৰপৰা লোকসভালৈ নিৰ্বাচিত হয়।
উমা ভাৰতী | |
---|---|
![]() ২০১৪ চনত উমা ভাৰতী | |
ভাৰতৰ পেয়জল আৰু স্বচ্ছতা মন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৩ ছেপ্টেম্বৰ ২০১৭ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | নৰেন্দ্ৰ সিং তমাৰ |
জলসম্পদ, নদী উন্নয়ন আৰু গংগা সংৰক্ষণ মন্ত্ৰী | |
কাৰ্যকাল ১৬ মে ২০১৪ – ৩ ছেপ্টেম্বৰ ২০১৭ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | হৰিষ ৰাৱাট |
উত্তৰসূৰী | নীতিন গাডকাৰী |
লোকসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৬ মে ২০১৪ | |
পূৰ্বসূৰী | প্ৰদীপ জৈন আদিত্য |
সমষ্টি | ঝাঁঞ্ছী লোকসভা সমষ্টি |
মধ্য প্ৰদেশৰ ১৫তম মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ৮ ডিচেম্বৰ ২০০৩ – ২২ আগষ্ট ২০০৪ | |
পূৰ্বসূৰী | দিগ্বিজয় সিং |
উত্তৰসূৰী | বাবুলাল গৌৰ |
সমষ্টি | মালহাৰা বিধানসভা সমষ্টি |
ব্যক্তিগত তথ্য | |
জন্ম | ০৩ মে', ১৯৫৯ (৬৫ বছৰ) টিকমগড়, মধ্য প্ৰদেশ, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জনশক্তি পাৰ্টি |
পেচা | সামাজিক আৰু ৰাজনৈতিক কৰ্মী |
তেওঁ অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় আৰু তৃতীয় মন্ত্ৰীসভাত ৰাজ্যিক আৰু কেবিনেট স্তৰৰ মানৱ সম্পদ উন্নয়ন, পৰ্যটন, যুৱ আৰু ক্ৰীড়া, কয়লা আৰু খনি মন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। ২০১৪ চনত তেওঁ নৰেন্দ্ৰ মোদীৰ কেবিনেটত জলসম্পদ, নদী উন্নয়ন আৰু গংগা সংৰক্ষণ মন্ত্ৰী পদ লাভ কৰে আৰু ২০১৭ চনলৈ তেওঁ এই পদত অধিষ্ঠিত আছিল।
ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ব হিন্দু পৰিষদে ১৯৮০ আৰু ১৯৯০ৰ দশকত আৰম্ভ কৰা বিতৰ্কিত ৰামজনমভূমি আন্দোলনৰ তেওঁ নেত্ৰী আছিল। তেওঁ বাবৰী মছজিদ ধ্বংসৰ সময়ত সেই স্থানত উপস্থিত আছিল। ইয়াৰ বাবে তেওঁক লিবাৰহান কমিচনে তেওঁক দোষী সাব্যস্ত কৰিছিল।
২০০৩ চনৰ মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচনত তেওঁৰ ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত তেওঁ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। কিন্তু ২০০৪ চনত তেওঁৰ বিৰুদ্ধে ১৯৯৪ চনৰ হুবলি হিংসাত্মক ঘটনাৰ চমন জাৰী হোৱাত মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি লয়। তাৰপিছত বিজেপিৰ লগত মতানৈক্য হোৱাৰ বাবে তেওঁ নিজৰ ৰাজনৈতিক দল ভাৰতীয় জনশক্তি পাৰ্টি গঠন কৰিছিল। ইয়াৰ পিছত তেওঁ এবাৰ উত্তৰ প্ৰদেশৰ বিধানসভা আৰু লোকসভালৈ নিৰ্বাচিত হৈছিল।
তেওঁক প্ৰায়ে সন্মানীয় মহিলাক প্ৰদান কৰা সংস্কৃত শিৰোনাম "সাধৱী" বুলি সম্বোধন কৰা হয়।[1]