From Wikipedia, the free encyclopedia
উদয় শংকৰ (ইংৰাজী: Uday Shankar; জন্ম: ৮ ডিচেম্বৰ ১৯০০, মৃত্যু: ২৬ ছেপ্টেম্বৰ ১৯৭৭) এজন ভাৰতীয় নৃত্যশিল্পী, নৃত্য পৰিচালক আৰু অভিনেতা। তেওঁ ভাৰতীয় নৃত্যশৈলী আৰু ভাৰতৰ শাস্ত্ৰীয় নৃত্যক ইউৰোপীয় থিয়েটাৰ শৈলীৰ লগত সমন্বয় কৰাৰ বাবে সুপৰিচিত। ১৯২০ আৰু ১৯৩০ -ৰ দশকত উদয় শংকৰে ভাৰতীয় শাস্ত্ৰীয় নৃত্য, লোক নৃত্য আৰু জনজাতীয় নৃত্যৰ উপাদান আৰু ইউৰোপীয় থিয়েটাৰ শৈলীৰ লগত কৰা সমন্বয়ে ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপত জনপ্ৰিয়তা লাভ কৰে।[1][2][3][4][5] তেওঁ ভাৰতত আধুনিক নৃত্যশৈলী লগত ভাৰতীয় নৃত্যৰ উপাদানৰ সমন্বয় কৰি আধুনিক নৃত্য শৈলী প্ৰচাৰৰ বাবে খ্যাত।
উদয় শংকৰ | |
---|---|
জন্ম | ৮ ডিচেম্বৰ, ১৯০০ উদয়পুৰ, উদয়পুৰ ৰাজ্য, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৬ ছেপ্টেম্বৰ, ১৯৭৭ (৭৬ বছৰ) কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | নৃত্যশিল্পী, নৃত্য পৰিচালক |
দাম্পত্যসঙ্গী | অমলা শংকৰ |
সন্তান | আনন্দ শংকৰ মমতা শংকৰ |
উদয় শংকৰ জন্ম হয় বৰ্তমানৰ ৰাজস্থান উদয়পুৰত এক বঙালী পৰিয়ালত। তেওঁৰ সম্পূৰ্ণ নাম উদয় শংকৰ চৌধুৰী। তেওঁৰ দেউতাক কল্যাণ শংকৰ আছিল বাংলাদেশৰ যশোৰ জিলাৰ বাসিন্দা। পণ্ডিত শ্যাম শংকৰ যেতিয়া ঝালাওয়াৰৰ ৰজাৰ ব্যক্তিগত সচিব হিচাপে কাম কৰিছিল তেতিয়া উদয় শংকৰৰ জন্ম হয়। উদয়ে তেওঁৰ ল'ৰালিকালৰ বেছিভাগ সময়েই তেওঁৰ মাক আৰু ভায়েক-ভনীয়েকৰ সৈতে নুচৰতপুৰত কটাইছিল। তেওঁৰ দেউতাকৰ কামৰ বাবে তেওঁক নিয়মিত ভিন্ন চহৰলৈ স্থানান্তৰ হ'ব লগাত পৰিছিল। ইয়াৰ ফলস্বৰূপে উদয় শংকৰক নুচৰতপুৰ, গাজীপুৰ, বাৰনসী আৰু ঝালাওয়াৰৰ দৰে বিভিন্ন ঠাইৰ বিদ্যালয়ত নাম ভৰ্তি কৰিবলগীয়া হৈছিল। তেওঁৰ দেউতাক আছিল এজন শিল্পপ্ৰেমী মানুহ। তেওঁ নৃত্যকলাক পূজা আৰু উপাসনাও কৰিছিল। ১৯১৮ চনত উদয়ক মুম্বাইৰ জে জে স্কুল অব আৰ্টচ্ আৰু পিছত গোন্ধৰ্ব মহাবিদ্যালয় প্ৰশিক্ষণ বাবে পঠোৱা হয়। ইয়াৰ পিছত তেওঁৰ উচ্চতৰ প্ৰশিক্ষণৰ বাবে লণ্ডনৰ ৰয়েল কলেজ অব আৰ্টচ্ত ভৰ্তি হয়। তাতেই তেওঁ প্ৰাচ্য আৰু পাশ্চাত্যৰ চিত্ৰকলা আৰু নৃত্যকলাৰ বিষয়ে তাত্বিক আৰু ব্যৱহাৰিক জ্ঞান অৰ্জন কৰে। ৰয়েল কলেজ অব আৰ্টচ্ৰ পৰা বৃত্তি লৈ উদয় চিত্ৰকলা বিষয়ত উচ্চতৰ শিক্ষা অৰ্জন বাবে ৰোমলৈ যায়।
উদয় শংকৰ তেওঁৰ নৃত্যসঙ্গী অমলা শংকৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৯৪২ চনত তেওঁলোকৰ প্ৰথম সন্তান আনন্দ শংকৰৰ জন্ম হয় আৰু ১৯৫৫ চনত তেওঁলোকৰ কন্যা মমতা শংকৰৰ জন্ম হয়। তেওঁৰ পুত্ৰ আনন্দ শংকৰ সৰুৰ পৰাই গান গোৱা আৰম্ভ কৰে আৰু পিছত এজন সঙ্গীতজ্ঞৰ আৰু সুৰকাৰ হয়। আৰু তেওঁৰ কন্যা মমতা শংকৰ এজনী বিখ্যাত অভিনেত্ৰী হয়। ১৯৪৮ চনত উদয় লিখিছিলে যে, তেওঁৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত 'কল্পনা' নামৰ চলচ্চিত্ৰখন ভাৰতৰ প্ৰথম চলচ্চিত্ৰ যাৰ মুখ্য চৰিত্ৰত দুজন শাস্ত্ৰীয় নৃত্যশিল্পী অভিনয় কৰিছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.