উত্তৰ সাগৰ
সাগৰ / From Wikipedia, the free encyclopedia
উত্তৰ সাগৰ আটলাণ্টিক মহাসাগৰৰ এক সীমামূৰীয়া সাগৰ। ই গ্ৰেট ব্ৰিটেইন, স্কেণ্ডিনাভিয়া (Scandinavia), জাৰ্মানী (Germany), নেডাৰলেণ্ড (Netherlands), বেলজিয়াম (Belgium), আৰু ফ্ৰান্সৰ মাজত অৱস্থিত। এই সাগৰে দক্ষিণে ইংলিছ চেনেল আৰু উত্তৰে নৰৱেৰিয়ান সাগৰেৰে মূল সাগৰত মিলিত হৈছে। এই সাগৰৰ দৈৰ্ঘ্য ৯৭০ কিমি. আৰু প্ৰস্থ ৫৮০ কিমি., মুঠ কালি ৫৭০,০০০বৰ্গ কিমি.।
উত্তৰ সাগৰ | |
---|---|
স্থান | আটলাণ্টিক মহাসাগৰ |
স্থানাংক | 56°N 3°E |
প্ৰকাৰ | সাগৰ |
Primary inflows | বাল্টিক সাগৰ, Elbe, Weser, Ems, Rhine/Waal, Meuse, Scheldt, Spey, Don, Dee, Tay, Forth, Tyne, Tees, Humber, Thames |
অৱবাহিকা দেশ | নৰৱে, ডেনমাৰ্ক, জাৰ্মানী, নেডাৰলেণ্ডছ, বেলজিয়াম, ফ্ৰান্স আৰু যুক্তৰাজ্য |
সৰ্বোচ্চ দৈৰ্ঘ্য | ৯৭০ কিমি |
সৰ্বোচ্চ প্ৰস্থ | ৫৮০ কিমি |
কালি | 5,70,000 বৰ্গ কি.মি. (2,20,000 বৰ্গ মাইল) |
গড় গভীৰতা | 95 মিটাৰ (312 ফুট) |
সৰ্বোচ্চ গভীৰতা | 700 মিটাৰ (2,300 ফুট) |
Water volume | সাঁচ:Convert/km3 |
Salinity | 3.4 to 3.5% |
References | Safety at Sea and Royal Belgian Institute of Natural Sciences |
ইউৰোপৰ জলপৰিবহণ তথা মৎস্য উদ্যোগত উত্তৰ সাগৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। তদুপৰি পৰ্য্যটনৰ দিশৰ পৰাও ইয়াৰ গুৰুত্ব যথেষ্ট।
ঐতিহাসিকভাৱে, উত্তৰ সাগৰ ভাইকিং সামাজ্য উত্থানৰ কেন্দ্ৰ আছিল। পৰৱৰ্তীকালত হেনছিয়েটিক লীগ (Hanseatic League), নেডাৰলেণ্ড (Netherlands) আৰু ব্ৰিটিছে উত্তৰ সাগৰৰ ওপৰত নিজা আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। জাৰ্মানীৰ বাবে সাগৰলৈ একমাত্ৰ পথ হিচাপে উত্তৰ সাগৰে দুয়োখন বিশ্বযুদ্ধতে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
উত্তৰ সাগৰৰ গতিপথত ভিন্নধৰণৰ ভৌগোলিক গঠন আৰু বৈশিষ্ট্য পোৱা যায়। উত্তৰে ন’ৰৱে আৰু স্কটিছ সাগৰীয় পাৰ থিয় শিলাময় (sheer cliffs mark) হোৱাৰ বিপৰীতে দক্ষিণে সাগৰৰ পাৰটো বালিময় আৰু বোকাময় সমতলহে। জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, উদোগীকৰণ, সাগৰৰ অতিমাত্ৰা ব্যৱহাৰ (intense use) আদিৰ বাবে এই অঞ্চলটোত পৰিৱেশ দূষিত হৈছে।