ঈদ-উল-জুহা
ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম / From Wikipedia, the free encyclopedia
ঈদ-উল-জুহা বা ঈদ-উল আজহা (আৰৱী:عيد الأضحى) ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ।[2] এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবাণী দিয়ে বা জবেহ কৰে।
ক্ষিপ্ৰ তথ্য ঈদ-উল-জুহা عيد الأضحى Eid al-Adha, পালন কৰে ...
ঈদ-উল-জুহা عيد الأضحى Eid al-Adha | |
---|---|
ঈদ-উল- জুহাৰ দোৱা(প্ৰাৰ্থনা) | |
পালন কৰে | মুছলিম আৰু দ্ৰুজ[1] |
প্ৰকাৰ | ইছলাম ধৰ্মীয় উৎসৱ |
মহত্ব | * নবী ইব্ৰাহিমে তেওঁৰ পুত্ৰ ইছমাইলক আল্লাহৰ ইচ্ছাত কোৰবাণী (উচ্ছৰ্গা) কৰিবলৈ ওলোৱাৰ স্মৃতিত পালন কৰা
|
আৰম্ভ হয় | ১০ ধু-আল-হিজ্জাহ(Dhu al-Hijjah) |
শেষ হয় | ১৩ ধু-আল-হিজ্জাহ (Dhu al-Hijjah) |
উদযাপন | * ঈদ ছালাত
|
আচাৰ | * ঈদৰ নামাজ
|
সম্পৰ্কিত | হজযাত্ৰা, উমৰাহ, ঈদ-উল-ফিটৰ |
বন্ধ কৰক