![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9c/Handmade_oil_painting_reproduction_of_Ibn_Battuta_in_Egypt%252C_a_painting_by_Hippolyte_Leon_Benett..jpg/640px-Handmade_oil_painting_reproduction_of_Ibn_Battuta_in_Egypt%252C_a_painting_by_Hippolyte_Leon_Benett..jpg&w=640&q=50)
ইবন বটুতা
From Wikipedia, the free encyclopedia
ইবন বটুতা (ইংৰাজী: Ibn Battuta) এজন চুন্নী মুছলিম পৰ্যটক, চিন্তাবিদ আৰু ধৰ্মতাত্ত্বিক। তেখেতক সৰ্বকালৰ এজন মহান পৰিব্ৰাজক হিচাপে জনা যায়।[1][2] তেখেত মূলতঃ পৃথিৱী ভ্ৰমণৰ বাবেই বিখ্যাত। একৈশ বছৰ বয়সৰ পৰা আৰম্ভ কৰি জীৱনৰ পৰৱৰ্তী ত্ৰিশ বছৰ ৭৫০০০ মাইল[3] (১২০০০০ কিঃমিঃ) ভ্ৰমণ কৰিছিল। তেৱেই একমাত্ৰ পৰিব্ৰাজক যিয়ে তেওঁৰ সময়ৰ সমগ্ৰ মুছলিম বিশ্ব ভ্ৰমণ কৰিছিল আৰু চুলতান সকলক সাক্ষাৎ কৰিছিল। তেখেতে বৰ্তমানৰ পশ্চিম আফ্ৰিকাৰ পৰা আৰম্ভ কৰি মিচৰ, চৌদি আৰৱ, চিৰিয়া, ইৰাণ, ইৰাক, কাজাখাস্তান, আফগানিস্তান, পাকিস্তান, মালদ্বীপ, ভাৰত, বাংলাদেশ, শ্ৰীলংকা, দক্ষিণ পূব এছিয়া আৰু চীন ভ্ৰমণ কৰিছিল। নিজৰ ভ্ৰমণ সম্পূৰ্ণ কৰি তেখেতে ৰিহলা নামৰ এখন গ্ৰন্থত এই কাহিনীবোৰ লিপিবদ্ধ কৰে।
ক্ষিপ্ৰ তথ্য ইবন বটুতা, স্থানীয় নাম ...
ইবন বটুতা | |
---|---|
![]() ইজিপ্টত ইবন বটুতা, ১৮৭৮ চনত প্ৰকাশিত জুল ভাৰ্ণ গ্ৰন্থত লিয়ন বেনেটৰ দ্বাৰা অংকিত এখন চিত্ৰ | |
স্থানীয় নাম | أبو عبد الله محمد بن عبد الله اللواتي الطنجي بن بطوطة |
জন্ম | ২৪ ফেব্ৰুৱাৰী, ১৩০৪ তাঞ্জিয়াৰ, মৰক্কো |
মৃত্যু | ১৩৬৯ (বয়স ৬৪–৬৫) মৰক্কো |
পেচা | ভূগোলবিদ, আইনজ্ঞ (কাজী), অভিযাত্ৰী |
ধৰ্ম | ইছলাম |
বন্ধ কৰক