![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/1b/Inder_Kumar_Gujral_071.jpg/640px-Inder_Kumar_Gujral_071.jpg&w=640&q=50)
ইন্দৰ কুমাৰ গুজৰাল
ভাৰতৰ ১২তম প্ৰধানমন্ত্ৰী / From Wikipedia, the free encyclopedia
ইন্দৰ কুমাৰ গুজৰাল (৪ ডিচেম্বৰ ১৯১৯ – ৩০ নৱেম্বৰ ২০১২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী। তেওঁ ১৯৯৭ চনৰ এপ্ৰিল মাহৰ পৰা ১৯৯৮ চনৰ মাৰ্চ মাহলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। ইযাৰ আগতে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীৰ পদটো অধিষ্ঠিত আছিল। তেওঁ ৰাজ্যসভাৰ নেতা আৰু জলন্ধৰ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৮০ চনলৈ ছোভিয়েট সংঘলৈ ভাৰতৰ ৰাষ্ট্ৰদূত আছিল।
ক্ষিপ্ৰ তথ্য ইন্দৰ কুমাৰ গুজৰাল, ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী ...
ইন্দৰ কুমাৰ গুজৰাল | |
---|---|
![]() | |
ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ২১ এপ্ৰিল ১৯৯৭ – ১৯ মাৰ্চ ১৯৯৮ | |
ৰাষ্ট্ৰপতি | শংকৰ দয়াল শৰ্মা কে আৰ নাৰায়ণন |
পূৰ্বসূৰী | এইচ ডি দেৱেগৌড়া |
উত্তৰসূৰী | অটল বিহাৰী বাজপেয়ী |
ভাৰতৰ বিত্তমন্ত্ৰী | |
কাৰ্যকাল ২১ এপ্ৰিল ১৯৯৭ – ১ মে' ১৯৯৭ | |
পূৰ্বসূৰী | পি. চিদাম্বৰম |
উত্তৰসূৰী | পি. চিদাম্বৰম |
ভাৰতৰ বিদেশ মন্ত্ৰী | |
কাৰ্যকাল ১ জুন ১৯৯৬ – ১৯ মাৰ্চ ১৯৯৮ | |
প্ৰধানমন্ত্ৰী | এইচ ডি দেৱেগৌড়া |
পূৰ্বসূৰী | চিকন্দৰ বখৎ |
উত্তৰসূৰী | অটল বিহাৰী বাজপেয়ী |
কাৰ্যকাল ৫ ডিচেম্বৰ ১৯৮৯ – ১০ নৱেম্বৰ ১৯৯০ | |
প্ৰধানমন্ত্ৰী | বিশ্বনাথ প্ৰতাপ সিং |
পূৰ্বসূৰী | বিশ্বনাথ প্ৰতাপ সিং |
উত্তৰসূৰী | বিদ্যা চৰণ শুক্লা |
ৰাজ্যসভাৰ নেতা | |
কাৰ্যকাল জুন ১৯৯৬ – নৱেম্বৰ ১৯৯৬ | |
পূৰ্বসূৰী | চিকন্দৰ বখৎ |
উত্তৰসূৰী | এইচ ডি দেৱেগৌড়া |
কাৰ্যকাল এপ্ৰিল ১৯৯৭ – মাৰ্চ ১৯৯৮ | |
পূৰ্বসূৰী | এইচ ডি দেৱেগৌড়া |
উত্তৰসূৰী | চিকন্দৰ বখৎ |
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ১৯৯৮ – ১৯৯৯ | |
সমষ্টি | জলন্ধৰ লোকসভা সমষ্টি |
ছোভিয়েট সংঘলৈ ভাৰতৰ ৰাষ্ট্ৰদূত | |
কাৰ্যকাল ১৯৭৬ – ১৯৮০ | |
পূৰ্বসূৰী | দুৰ্গা প্ৰসাদ ধৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ৪ ডিচেম্বৰ, ১৯১৯[1] পৰী দৰৱাজা ঝিলাম, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমান পঞ্জাব, পাকিস্তান) |
মৃত্যু | ৩০ নৱেম্বৰ, ২০১২ (৯২ বছৰ) গুৰুগ্ৰাম, হাৰিয়ানা, ভাৰত |
ৰাজনৈতিক দল | জনতা দল (১৯৮৮-১৯৯৮) নিৰ্দলীয় (১৯৯৮ৰ পিছৰ পৰা) |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৮৮ৰ আগত) |
দাম্পত্যসঙ্গী | শীলা গুজৰাল (বি. ১৯৪৫) |
শিক্ষানুষ্ঠান | ডিএভি কলেজ , হেইলি কলেজ অফ কমাৰ্চ ফৰ্মেন খ্ৰীষ্টান কলেজ ইউনিভাৰ্চিটি |
বন্ধ কৰক
ৰাজ্যসভাৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱা তেওঁ ভাৰতৰ তৃতীয় গৰাকী ব্যক্তি। ইয়াৰ আগতে ইন্দিৰা গান্ধী প্ৰথম আৰু এইচ ডি দেৱেগৌড়া দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী ৰাজ্যসভাৰ পৰা হৈছিল। তেওঁৰ পিছত ড॰ মনমোহন সিঙে ৰাজ্যসভাৰ পৰা প্ৰধানমন্ত্ৰী হোৱা চতুৰ্থ ব্যক্তিত পৰিণত হয়।[2][3]