ইন্দ্ৰা নূয়ী
From Wikipedia, the free encyclopedia
ইন্দ্ৰা কৃষ্ণমূৰ্থী নূয়ী(ইংৰাজী: Indra Nooyi)(তামিল: இந்திரா கிருஷ்ணமூர்த்தி நூயி) (জন্মঃ ২৮ অক্টোবৰ ১৯৫৫) বাণিজ্যৰ পৰিচালনা ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান মহিলা। তেওঁ বৰ্ত্তমান আয়ৰ হিচাপত বিশ্বৰ দ্বিতীয় বৃহত্তম খাদ্য আৰু শীতল পানীয় উৎপাদনকাৰী প্ৰতিষ্ঠান পেপছিক’ৰ মুৰব্বী তথা মুখ্য কাৰ্যবাহী বিষয়া।[2]২০১৭ চনত এওঁৰ পেপচিক'ৰ অন্তিম বছৰৰ দৰমহা আছিল ৩১,০০০,০০০ আমেৰিকান ডলাৰ । [3][4] ফ’ৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ গৰাকী মহিলাৰ তালিকাত ক্ৰমাগতভাৱে স্থান পাই আহিছে।[5] ২০১৩ চনত এই তালিকাত দশম স্থান লাভ কৰে।২০১৪ চনত ইন্দ্ৰা নূয়ীয়ে 'ফ’ৰ্বছৰ লিষ্ট অফ দ্যা ওৱৰ্লড ৰেকৰ্ড' ত ১৩ নম্বৰ স্থানত আছিল আৰু ২০১৫ চনত 'ফৰচোণ'ৰ শক্তিশালী মহিলা অনুসাৰে ইন্দ্ৰা নূয়ীক বিশ্বৰ দ্বিতীয় গৰাকী শক্তিশালী মহিলা বুলি গণ্য কৰা হয়।[6] ২০১৭ চনত আকৌ এবাৰ এওঁ 'ফ'ৰ্বচ লিষ্ট অফ্ দ্যা ১৯ ম'ষ্ট পাওৱাৰফুল ৱ'মেন ইন বিজিনেছ্'ত বিশ্বৰ দ্বিতীয় গৰাকী শক্তিশালী মহিলাৰ স্থান প্ৰাপ্ত হ'বলৈ সক্ষম হয়।[7]
ইন্দ্ৰা নূয়ী | |
---|---|
২০১০ চনৰ জানুৱাৰীত ছুইজাৰলেণ্ডত অনুষ্ঠিত ৱ’ৰ্লড ইক’নমিক ফ’ৰামৰ বাৰ্ষিক মিটিঙত নূয়ী | |
জন্ম | ২৮ অক্টোবৰ, ১৯৫৫ (৬৮ বছৰ) মাদ্ৰাজ, তামিলনাডু, ভাৰত |
বাসগৃহ | পাৰ্চেজ, নিউয়ৰ্ক |
নাগৰিকত্ব | আমেৰিকান[1] |
শিক্ষানুষ্ঠান | মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজ ভাৰতীয় প্ৰবন্ধন প্ৰতিষ্ঠান, কলিকতা য়েল স্কুল অফ মেনেজমেণ্ট |
পেচা | পেপছিক’ৰ মুৰব্বী তথা মুখ্য কাৰ্যবাহী বিষয়া |