ইনচুলিন গছ
উদ্ভিদৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
ইনচুলিন গছ (বৈজ্ঞানিক নাম: Chamaecostus cuspidatus) হৈছে ইংৰাজীত সাধাৰণতে ফিয়েৰি কষ্টাছ (fiery costus) বা স্পাইৰেল ফ্লেগ (spiral flag) নামেৰে জনাজাত কষ্টেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ ঔষধি উদ্ভিদ। ই পূৱ ব্ৰাজিলৰ এবিধ থলুৱা প্ৰজাতি।[1][2][3] মধুমেহ ৰোগ উপশম কৰাৰ গুণ থকা বাবে ভাৰতত এই উদ্ভিদক ইনচুলিন প্লেণ্ট বুলি জনা যায়।[4]
ক্ষিপ্ৰ তথ্য ইনচুলিন গছ, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
ইনচুলিন গছ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Monocots |
(অশ্ৰেণীকৃত): | Commelinids |
বৰ্গ: | Zingiberales |
পৰিয়াল: | Costaceae |
গণ: | Chamaecostus |
প্ৰজাতি: | cuspidatus |
বৈজ্ঞানিক নাম | |
Chamaecostus cuspidatus (Nees & Mart.) C.Specht & D.W.Stev. | |
সমাৰ্থক[1] | |
|
বন্ধ কৰক
এই উদ্ভিদৰ বহল, মিহি, ডাঠ সেউজীয়া পাতৰ ভিতৰৰ ফালটো কিছু বেঙুনীয়া আভা দেখা যায়। পাতবোৰ কাণ্ডৰ পৰা বৃত্তাকাৰে ওলায়। এই উদ্ভিদৰ সৰ্বাধিক উচ্চতা দুই ফুট পৰ্যন্ত হ’ব পাৰে। ফুলবোৰ কমলা বৰণৰ আৰু ব্যাসাৰ্ধ প্ৰায় ১.৫ ইঞ্চি। গ্ৰীষ্মকালত ফুল ফুলে, কলিবোৰ ডালৰ কাষত শংকু আকৃতিত দেখা পোৱা যায়।[5]