ইণ্টাৰনেট আৰ্কাইভ
From Wikipedia, the free encyclopedia
ইণ্টাৰনেট আৰ্কাইভ (ইংৰাজী: Internet Archive) হৈছে "সকলো জ্ঞানৰ সৰ্বজনীন প্ৰৱেশ"ৰ উল্লিখিত মিছন থকা এটা আমেৰিকান ডিজিটেল লাইব্ৰেৰী।[notes 2][notes 3] ই ৱেবছাইট, চফ্টৱেৰ এপ্লিকেচন/খেল, সংগীত, চলচ্চিত্ৰ/ভিডিঅ', চলন্ত ছবি, আৰু লাখ লাখ কিতাপৰ বাবে বিনামূলীয়া প্ৰৱেশৰ সেৱা আগবঢ়ায়। আৰ্কাইভিং কাৰ্য্যৰ উপৰিও আৰ্কাইভ হৈছে এটা সক্ৰিয় সংস্থা, যিয়ে বিনামূলীয়া আৰু মুক্ত ইণ্টাৰনেটৰ পোষকতা কৰে। ২০২২ চনৰ ৭ মে'লৈকে ইণ্টাৰনেট আৰ্কাইভত ৩৫ মিলিয়নতকৈ অধিক কিতাপ আৰু গ্ৰন্থ, ৭৯ লাখ চিনেমা, ভিডিঅ' আৰু টিভি শ্ব', ৮৪২ হাজাৰ চফ্টৱেৰ প্ৰগ্ৰেম, ১৪ মিলিয়ন অডিঅ' ফাইল, ৪ মিলিয়ন ছবি, ২৪ লাখ টিভি ক্লিপ, ২৩৭ হাজাৰ কনচাৰ্ট, আৰু ৱেবেক মেচিনত ৬৮২ বিলিয়নতকৈ অধিক ৱেব পৃষ্ঠা আছে। ইণ্টাৰনেট আৰ্কাইভে জনসাধাৰণক ইয়াৰ ডাটা ক্লাষ্টাৰত ডিজিটেল সামগ্ৰী আপলোড আৰু ডাউনলোড কৰাৰ অনুমতি দিয়ে, কিন্তু ইয়াৰ ডাটাৰ বেছিভাগেই ইয়াৰ ৱেব ক্ৰ’লাৰসমূহে স্বয়ংক্ৰিয়ভাৱে সংগ্ৰহ কৰে, যিয়ে ৰাজহুৱা ৱেবৰ যিমান পাৰি সংৰক্ষণ কৰাৰ কাম কৰে। ইয়াৰ ৱেব আৰ্কাইভ, ৱেইবেক মেচিনত শ শ বিলিয়ন ৱেব কেপচাৰ আছে।[3] আৰ্কাইভে বিশ্বৰ অন্যতম বৃহৎ কিতাপ ডিজিটাইজেচন প্ৰকল্পৰ তদাৰক কৰে।
ইণ্টাৰনেট আৰ্কাইভ | |
---|---|
soft2i | |
ইউ আৰ এল | archive |
ভাষা | ইংৰাজী es-us |
অৱস্থান | ৰিচমণ্ড জিলা, ছান ফ্ৰান্সিস্কো ছান ফ্ৰান্সিস্কো, কেলিফৰ্ণিয়া 37.782321°N 122.47161137°W / 37.782321; -122.47161137 |
স্থাপিত | ১০ মে' ১৯৯৬; ২৮ বছৰ আগত (1996-05-10)[notes 1][1] |
কৰ্মচাৰীৰ সংখ্যা | 169 (2019) |
মুকলি | ১৯৯৬ (1996) |
ৰাজহ | $৩৬.৭ মিলিয়ন (২০১৯)[2] |
বৰ্তমান স্থিতি | সক্ৰিয় |