ইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাস

From Wikipedia, the free encyclopedia

ইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাস

ইজৰাইল-পেলেষ্টাইন সংঘাতৰ ইতিহাসে আমাক লৈ যায় ১৯ শতিকাৰ সেই সময়চোৱালৈ যেতিয়া জায়নিষ্টসকলে অট্টোমান নিয়ন্ত্ৰিত পেলেষ্টাইনত ইহুদী জনসাধাৰণৰ বাবে এক গৃহভূমি প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। ব্ৰিটিছ চৰকাৰে জাৰি কৰা ১৯১৭ চনৰ বালফ'ৰ ঘোষণাপত্ৰত পেলেষ্টাইনত ইহুদী গৃহভূমিৰ ধাৰণাক সমৰ্থন কৰা হৈছিল, যাৰ ফলত এই ভূখণ্ডলৈ ইহুদীৰ অনুপ্ৰৱেশকাৰীৰ এক প্ৰৱাহ আৰম্ভ হয়। দ্বিতীয় বিশ্বযুদ্ধ আৰু হ'ল'কাষ্টৰ পিছত পেলেষ্টাইনত এক ইহুদী ৰাষ্ট্ৰ স্থাপনৰ আন্তঃৰাষ্ট্ৰীয় হেঁচা বৃদ্ধি পায় আৰু যাৰ ফলত ১৯৪৮ চনত ইজৰাইল গঠন হয় ।

আজিৰ অঞ্চলটো: ইজৰাইল, পশ্চিম পাৰ, গাজা ষ্ট্ৰিপ আৰু গোলান হাইটছ

ইজৰাইল প্ৰতিষ্ঠা আৰু ইয়াৰ পিছত আৰু ইয়াৰ পূৰ্বে হোৱা যুদ্ধৰ ফলত শৰণাৰ্থী হোৱা লাখ লাখ পেলেষ্টাইনী লোকক স্থানচ্যুত কৰা হয় আৰু ইজৰাইল, পেলেষ্টাইনী জনসাধাৰণৰ মাজত দশক দশক ধৰি সংঘাতৰ সূচনা হয়। [1] পেলেষ্টাইনীসকলে ঐতিহাসিক পেলেষ্টাইনৰ অন্ততঃ এটা অংশত নিজৰ স্বাধীন ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰে। ইজৰাইলে নিজৰ সীমান্তৰ প্ৰতিৰক্ষা, পশ্চিম পাৰৰ ওপৰত নিয়ন্ত্ৰণ, ইজিপ্ত-ইজৰাইলীৰ গাজা ষ্ট্ৰীপ অৱৰোধ, আৰু পেলেষ্টাইনৰ আভ্যন্তৰীণ ৰাজনীতিয়ে বৰ্তমান এই লক্ষ্যক প্ৰতিহত কৰিছে ৷

বছৰ বছৰ ধৰি অসংখ্য শান্তি আলোচনা চলি আহিছে, কিন্তু এখন স্থায়ী শান্তি চুক্তি এখন এতিয়াও হৈ নুঠিল। এই সংঘাতত পেলেষ্টাইনী উগ্ৰপন্থীৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু ইজৰাইলৰ সামৰিক অভিযানকে ধৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমেৰিকা আৰু অন্যান্য দেশসমূহে মধ্যস্থতাকাৰী ৰূপে গুৰু ভূূমিকা পালন কৰিছে যদিও পশ্চিম তীৰত ইজৰাইলী বসতিৰ বিষয়, জেৰুজালেমৰ মৰ্যাদা, আৰু পেলেষ্টাইনী শৰণাৰ্থীৰ চূড়ান্ত ভাগ্যকে ধৰি বহু বাধা এতিয়াও আছে।

তথ্য সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.