ইছলাম
একেশ্বৰবাদী ইব্রাহিমীয় ধৰ্ম / From Wikipedia, the free encyclopedia
ইছলাম (ইংৰাজী ভাষা/ˈɪslɑːm/; আৰবী ভাষাত: الإسلام আল্ ইছলাম্) এটা একেশ্বৰবাদী আব্ৰাহামিক ধৰ্ম।[1] ইছলাম (আৰবী: الإسلام) শব্দটো আহিছে আৰবী س-ل-م (ছালাম) শব্দটোৰ পৰা যাৰ অৰ্থ দুটা; ১▪ শান্তি ২▪ আত্মসমৰ্পণ কৰা। সংক্ষেপত, ইছলাম হ'ল শান্তি (প্ৰতিষ্ঠা)'ৰ উদ্দেশ্যেৰে এক আৰু অদ্বিতীয় ঈশ্বৰ (আল্লাহ)ৰ ওচৰত আত্মসমৰ্পণ কৰা। "ইছলাম" শব্দৰ অৰ্থ হৈছে "আত্মসমৰ্পণ", বা একক স্ৰষ্টাৰ ওচৰত নিজকে সমৰ্পন কৰা।[2] ইছলাম শব্দটো উৎপত্তি হৈছে ছালামৰ পৰা, যাৰ অৰ্থ হৈছে শান্তি।[3] খৃষ্টীয় সম্তম শতিকাত আৰৱৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা মুহাম্মাদে (ছাঃ) এই ধৰ্ম প্ৰচাৰ কৰে। কোৰআন ইছলামৰ মূল ধৰ্মগ্ৰন্থ। এই ধৰ্মত বিশ্বাসী সকলক মুছলমান বা মুছলিম বোলা হয়। কোৰআন আল্লাহৰ বাণী আৰু মুহাম্মাদ(ছাঃ)ৰ ওপৰত অৱতীৰ্ণ হৈছিল বুলি মুছলিম সকলে বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম শেষ নবী। হাদিছৰ পৰা প্ৰাপ্ত নিৰ্দেশিত কাম আৰু শিক্ষাৰ ভিত্তিতহে কোৰআন'ক ব্যাখ্যা কৰা হয়।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
ইহুদি আৰু খ্ৰীষ্টান ধৰ্মৰ ন্যায় ইছলাম ধৰ্ম আৰু আব্ৰাহামীয়।[4] মুছলমানৰ সংখ্যা অনুমাণিক ১৪০ কোটি আৰু তেওঁলোক পৃথিৱীৰ দ্বিতীয় বৃহত্তম ধৰ্মাৱলম্বী গোষ্ঠী।[5] মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম আৰু তেওঁৰ উত্তৰসূৰী সকলৰ প্ৰচাৰ আৰু উত্তম আদৰ্শৰ ফলশ্ৰুতিতে ইছলাম ধৰ্মৰ বিশ্বত দ্ৰুত বিস্তাৰ হয়।[6] বৰ্তমান সমগ্ৰ বিশ্বব্যাপী, বিশেষকৈ মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, পূৰ্ব আফ্ৰিকা, পশ্চিম আফ্ৰিকা. দক্ষিণ এছিয়া, মধ্য এছিয়া, দক্ষিণ-পূৱ এছিয়াত মুছলমানসকল বাস কৰে। আৰব দেশত মুঠ মুছলমানৰ সংখ্যা শতকৰা মাত্ৰ ২০ বিশভাগ।[7] যুক্তৰাজ্যসহ বহুকেইখন ইউৰোপীয় দেশৰ দ্বিতীয় বৃহত্তম ধৰ্ম ইছলাম।[8][9] Pew Research Centerৰ জৰীপৰ মতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি হৈ থকা ধৰ্ম হৈছে ইছলাম।[10]