ইংমাৰ বাৰ্গমেন
From Wikipedia, the free encyclopedia
আৰ্নষ্ট ইংমাৰ বাৰ্গমেন (Ernst Ingmar Bergman) (চুইডিছ উচ্চাৰণ: [ˈɪŋmar ˈbærjman] ( শুনক); ১৪ জুলাই, ১৯১৮ – ৩০ জুলাই, ২০০৭) ছুইডেনৰ এগৰাকী প্ৰখ্যাত পৰিচালক, লেখক, চলচ্চিত্ৰ প্ৰযোজক, নাটক আৰু টেলিভিছন-ৰো পৰিচালক। তেখেতক সৰ্বকালৰ অতি কুশলী আৰু প্ৰভাৱশালী পৰিচালকৰ শাৰীত স্থান দিয়া হয়।[1]
ইংমাৰ বাৰ্গমেন | |
---|---|
Wild Strawberries নিৰ্মাণৰ সময়ত ইংমাৰ বাৰ্গমেন (১৯৫৭) | |
জন্ম | আৰন্ষ্ট ইংমাৰ বাৰ্গমেন ১৪ জুলাই, ১৯১৮ উপছালা, ছুইডেন |
মৃত্যু | ৩০ জুলাই, ২০০৭ (৮৯ বছৰ) ফাৰো, ছুইডেন |
পেচা | চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৪৪-২০০৫ |
দাম্পত্যসঙ্গী |
|
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
স্বাক্ষৰ | |
তেখেতে পৰিচালনা কৰিছে ছবিঘৰ আৰু টেলিভিছনৰ বাবে ষাঠিখন ছলচ্চিত্ৰ আৰু তথ্যচিত্ৰ, এই বিলাকৰ বেছীভাগৰ লেখকো তেওঁ নিজেই। তেখেতে এশ সত্তৰখনতকৈও বেছি নাটক পৰিচালনা কৰিছে। তেখেতৰ লগত প্ৰায়ে কাম কৰা অভিনেতাসকলৰ ভিতৰত আছিল হেৰিয়েট এণ্ডাৰছন, লিভ উল্মেন, গানাৰ জৰ্নষ্ট্ৰাণ্ড, বিবি এণ্ডাৰছন, এৰলেণ্ড জোছেফছন, ইনগ্ৰিড থুলিন আৰু মেক্স ভন ছিড'। তেখেতৰ বেছিভাগ ছবিৰ কাহিনীৰ পৰিসৰ আছিল ছুইডেন। তেখেতৰ কাহিনীসমূহত প্ৰায়ে মৃত্যু, ৰোগ, বিশ্বাস, বিশ্বাসঘাতকতা, অন্ধকাৰ জীৱন আৰু বলিয়ালি আদিক বিশ্লেষণ কৰাৰ প্ৰয়াস কৰা হৈছিল।