আৰ্দ্ৰতা
From Wikipedia, the free encyclopedia
আৰ্দ্ৰতা (ইংৰাজী: Humidity) হৈছে বায়ুত থকা জলীয় বাষ্পৰ ঘনত্ব। পানীৰ বাষ্প অৰ্থাৎ পানীৰ গেছীয় অৱস্থা, সাধাৰণতে মানুহৰ চকুৰ বাবে অদৃশ্য।[1] আৰ্দ্ৰতাই বৰষুণ, নিয়ৰ বা কুঁৱলী থকাৰ সম্ভাৱনাক সূচায়।
আৰ্দ্ৰতা বায়ুমণ্ডলৰ উষ্ণতা আৰু চাপৰ ওপৰত নিৰ্ভৰ কৰে। সূৰ্যৰ আপাতিত ৰশ্মিৰ উত্তাপৰ বাবে বৰফৰ স্তূপ, বৰাবৃত অঞ্চল, সাগৰ-মহাসাগৰ, হ্ৰদ, নদ-নদী, জলাশয় আদিৰ পৰা প্ৰতিদিনে অবিৰতভাৱে বাষ্পীভৱন হৈ আছে। এনেদৰে বাষ্পীভূত হোৱা জল-কণাবোৰ বায়ুমণ্ডলত মিহলি হৈ থাকে। বছৰৰ ভিন ভিন ঋতুত আৰু ভিন ভিন ঠাইত বায়ুৰ উত্তাপৰ পাৰ্থক্যৰ বাবে বায়ুমণ্ডলে ধাৰণ কৰা জলীয়বাষ্পৰ পৰিমাণ ভিন ভিন হোৱা দেখা যায়। এইদৰে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক আৰ্দতা বুলি কোৱা হয়।