আলেছেন্দ্ৰো ভল্টা
From Wikipedia, the free encyclopedia
আলেছেন্দ্ৰো ভল্টা (en-Alessandro Giuseppe Antonio Anastasio Volta)(Italian: [alesˈsandro ˈvɔlta]; ১৮ ফেব্ৰুৱাৰি ১৭৪৫ – ৫ মাৰ্চ ১৮২৭) হৈছে এগৰাকী ইটালীয়ান পদাৰ্থ বিজ্ঞানী, ৰসায়ন বিজ্ঞানী। তেওঁক বিদ্যুৎ আৰু বিদ্যুৎ শক্তিৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়।[2][3][4] বৈদ্যুতিক কোষ আৰু মিথেন গেছৰ উদ্ভাৱন তেওঁৰ এক চিৰস্মৰণীয় কীৰ্তি। ১৭৯৯ চনত তেখেতে ভল্টেইক স্তূপ উদ্ভাৱন কৰি ১৮০০ চনত ৰয়েল সমাজৰ সভাপতিলৈ সেই সম্বন্ধীয় ফলাফলৰ দুটা-খণ্ডৰ এখন চিঠি প্ৰেৰণ কৰিছিল। [5][6] এই উদ্ভাৱনৰ জৰিয়তে ভল্টাই প্ৰমাণিত কৰিছিল যে ৰাসায়নিকভাৱেও বিদ্যুতৰ উৎপাদন সম্ভৱ। তেখেতৰ এই আৱিষ্কাৰে বিপুল পৰিমাণৰ বৈজ্ঞানিক আলোড়ণ সৃষ্টি কৰিলে। তেওঁৰ পথ অনুসৰণ কৰি সমসাময়িক বিজ্ঞানীসকলেও একেজাতীয় পৰীক্ষা কৰিবলৈ আগ্ৰহী হ'ল। পৰৱৰ্তী কালত এনেকৈয়ে বিদ্যুৎ-ৰসায়ন নামৰ ক্ষেত্ৰখনৰ জন্ম হ'ল। [6]
আলেছেন্দ্ৰো ভল্টা | |
---|---|
জন্ম | ১৮ ফেব্ৰুৱাৰী, ১৭৪৫ কমো, Duchy of Milan |
মৃত্যু | ৫ মাৰ্চ, ১৮২৭ (৮২ বছৰ) কমো, লম্বাৰ্ডি-ভেনেডিয়াৰ সাম্ৰাজ্য, অষ্ট্ৰিয়ান সাম্ৰাজ্য |
জাতীয়তা | ইটালীয়ান |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান আৰু ৰসায়নবিজ্ঞান |
জনা যায় |
|
উল্লেখনীয় বঁটা |
ভল্টাই উদ্ভাৱনসমূহৰ বাবে নেপোলিয়ন বনাপাৰ্টেৰ পৰা প্ৰশংসা লাভ কৰিছিল। ভল্টাক প্ৰায়েই ফৰাচী প্ৰতিষ্ঠান (Institute of France) লৈ আমন্ত্ৰিত কৰা হৈছিল য'ত ভল্টাই উপস্থিত সদস্যসকলক নিজৰ পৰীক্ষাসমূহ প্ৰদৰ্শন কৰিছিল। বোনাপাৰ্টৰ লগত ভল্টাৰ ঘনিষ্ঠতা গঢ়ি উঠিছিল। বনাপাৰ্টে ভল্টাক একাধিক সন্মানেৰে বিভূষিত কৰিছিল। [1] পাভিয়া বিশ্ববিদ্যালয়ৰ পৰীক্ষামূলক পদাৰ্থ বিজ্ঞান বিভাগত ভল্টাই প্ৰায় ৪০ বছৰ কাল অধ্যাপনা কৰিছিল আৰু ছাত্ৰ-ছাত্ৰীৰ পৰা বিপুল আদৰ লাভ কৰিছিল। [1]
পেছাগত এই সাফল্য সত্ত্বেও ভল্টা পাৰিবাৰিক জীৱনৰ প্ৰতি অধিক আগ্ৰহী আছিল আৰু জীৱনৰ পৰৱৰ্তী কালছোৱাত তেওঁৰ এই আনুগত্য বাঢ়ি আহিছিল। সেইছোৱা সময়ত তেখেতে ৰাজহুৱা জীৱন প্ৰায় এৰাই চলিছিল আৰু পৰিয়ালৰ মাজত সময় কটাইছিল। [1] বৈদ্যুতিক বিভৱৰ একক ভল্ট তেওঁলৈ উছৰ্গিত।