![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/0/04/%25E0%25A6%2586%25E0%25A6%25AE%25E0%25A7%2581%25E0%25A6%25B2%25E0%25A7%25B0_%25E0%25A6%25B2%2527%25E0%25A6%2597%2527.jpg/640px-%25E0%25A6%2586%25E0%25A6%25AE%25E0%25A7%2581%25E0%25A6%25B2%25E0%25A7%25B0_%25E0%25A6%25B2%2527%25E0%25A6%2597%2527.jpg&w=640&q=50)
আমুল
From Wikipedia, the free encyclopedia
আমুল হৈছে ভাৰতৰ সমবায় ভিত্তিক এক দুগ্ধ উৎপাদনকাৰী উদ্যোগ। ই গুজৰাটৰ আনন্দত প্ৰতিষ্ঠা লাভ কৰে। 'আমুল' শব্দটো সংস্কৃতৰ 'অমুল্য' শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল মুল্যহীন, যাক কোনো মুল্যৰেও আহৰণ কৰিব নোৱাৰি। আদিতে সমবায়টোক আনন্দ মিল্ক ফেডাৰেচন ইউনিয়ন লিমিটেড(Anand Milk Federation Union Limited) নামে জনা গৈছিল আৰু এই নামটোৰ আদি আখৰ কেইটাৰে AMUL(আমুল) শব্দটো সৃষ্টি কৰা হৈছে।
![]() | |
ধৰণ | সমবায় |
---|---|
উদ্যোগ | দুগ্ধ উৎপাদন |
স্থাপিত | ১৯৪৬ |
মুখ্য কাৰ্যালয় | আনন্দ, গুজৰাট, ভাৰত |
নেতৃস্থানীয় ব্যক্তিত্ব | চেয়াৰমেন, গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Gujarat Co-operative Milk Marketing Federation Ltd.) (GCMMF) |
ৰাজহ | ![]() |
কৰ্মচাৰীৰ সংখ্যা | বাণিজ্যিক বিভাগত ৭৫০ জন কৰ্মচাৰী আৰু ৩ মিলিয়ন দুগ্ধ উৎপাদনকাৰী সদস্য |
ৱেবছাইট | www.amul.com |
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c3/Amul_Plant_at_Anand.jpg/640px-Amul_Plant_at_Anand.jpg)
১৯৪৬ চনত প্ৰতিষ্ঠিত এই ব্ৰেণ্ডটোক গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচন লিমিটেড(GCMMF) নামৰ সমাবায় প্ৰতিষ্ঠানটোৱে পৰিচালনা কৰে। এই GCMMF গুজৰাটৰ ৩ মিলিয়ন দুগ্ধ উৎপাদনকাৰী লোকৰ উমৈহতীয়া মালিকীসত্বৰ অধীনৰ প্ৰতিষ্ঠান।
আমুলে ভাৰতত শ্বেত বিপ্লৱ আৰম্ভ কৰি ভাৰতক পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ দুগ্ধ উৎপাদনকাৰী দেশ হিচাপে প্ৰ্তিষ্ঠিত কৰাইছে। আৰু ইয়াৰ লগতে আমুলে ভাৰতৰ লগতে আন্তৰাষ্ট্ৰীয় বজাৰত দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰী সমূহৰ এক বৃহৎ ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা লভিবলৈ সক্ষম হৈছে।
ড°ভাৰ্গিজ কুৰিয়েন GCMMF ৰ প্ৰতিষ্ঠাৰে পৰা প্ৰায় ৩০ বছৰকাল(১৯৭৩-২০০৬) চেয়াৰমেন হৈ আছিল। আমুলৰ সফলতাৰ আঁৰত কুৰিয়েনৰ অৱদান আছিল উল্লেখযোগ্য।