From Wikipedia, the free encyclopedia
আমাজন কিণ্ডল হৈছে আমাজনৰ দ্বাৰা নিৰ্মিত আৰু ইয়াৰ অনলাইন মাৰ্কেট যোগে বিক্ৰী কৰা এশ্ৰেণী ই-পঠন সঁজুলি। আমাজন কিণ্ডল সঁজুলিটোৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে ই-বুক, বাতৰিকাকত, আলোচনী আৰু আন ডিজিটেল মাধ্যম অনাতাঁৰ ব্যৱস্থাৰে কিণ্ডল ষ্ট'ৰত সন্ধান কৰিব পাৰে, কিনিব পাৰে আৰু ডাউনলোড কৰি পঢ়িব পাৰে।[4] আমাজনৰ সহযোগী কোম্পানী লেব১২৬-ৰ দ্বাৰা বিকশিত এই হাৰ্ডৱেৰ মাধ্যমবিধ ২০০৭ চনত একক সঁজুলি হিচাপে আৰম্ভ কৰা হৈছিল। বৰ্তমান ইয়াত ই-চিয়াহীৰ ইলেক্ট্ৰনিক পেপাৰ ডিছপ্লেযুক্ত ই-পঠন সঁজুলি আৰু সকলো প্ৰধান কম্পিউটিং প্লেটফৰ্মত উপলব্ধ কিণ্ডল এপ্লিকেশ্বনকে ধৰি ভিন্ন প্ৰকাৰৰ সঁজুলি সামৰি লোৱা হৈছে। সকলো কিণ্ডল সঁজুলি কিণ্ডল ষ্ট’ৰৰ উপাদানসমূহৰ সৈতে সমন্বিত হৈ থাকে। ২০১৮ চনৰ মাৰ্চ মাহলৈকে কিণ্ডল ষ্ট'ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকসকলৰ বাবে ছয় মিলিয়নতকৈ অধিক ই-বুক উপলব্ধ আছিল।[5]
বিকাশক | আমাজন |
---|---|
নিৰ্মাতা | Foxconn |
সামগ্ৰী পৰিয়াল | কিণ্ডল |
প্ৰকাৰ | ই-ৰিডাৰ (ই-পঠন সঁজুলি) |
মুক্তিৰ তাৰিখ | ১৯ নৱেম্বৰ ২০০৭ |
প্ৰাৰম্ভিক মূল্য | US$399; equivalent to $498 in 2020 (Kindle 1) |
অপাৰেটিং চিষ্টেম | Kindle firmware that uses Linux kernels 2.6.10 to 3.0[1] Latest versions (List)
|
শক্তি | তালিকা
|
চি পি এউ | তালিকা
|
সংৰক্ষণ ক্ষমতা | Flash memory
|
মেম,ৰি | RAM
|
ডিচপ্লে’ | ই চিয়াহী
|
শব্দ | Speakers (Kindle 1, 2, DX, Keyboard, Touch) Bluetooth (Kindle 8, 9, Oasis 1, 2, 3, Paperwhite 4) |
ইনপুট | USB 2.0 Micro-B port (2007–2020) USB-C port (Paperwhite 5) SD card (Kindle 1 only) 3.5 mm headphone jack (Kindle 1, 2, DX, Keyboard, Touch) |
কন্ট্ৰ’লাৰ ইনপুট | Keyboard, scrollwheel, D-pad (select models, 2007–2012) Touchscreen (select models, 2011–present) |
কেমেৰা | None |
সংযোগ | তালিকা
|
অনলাইন সেৱাসমূহ | কিণ্ডল ষ্ট’ৰ |
মাত্ৰা | তালিকা
|
ওজন | তালিকা
|
ৱেবচাইট | www |
২০০৪ চনত আমাজনৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজোছে কোম্পানীটোৰ কৰ্মচাৰীসকলক আমাজনৰ প্ৰতিদ্বন্দ্বীসকলে নিৰ্মাণ কৰাৰ আগতেই বিশ্বৰ শ্ৰেষ্ঠ ই-ৰিডাৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল। আমাজনে প্ৰথমে সঁজুলিবিধৰ বাবে Fiona সংকেতনামটো ব্যৱহাৰ কৰিছিল। [6]
ব্ৰেণ্ডিং পৰামৰ্শদাতা মাইকেল ক্ৰ’নান আৰু কেৰিন হিবমাই কিণ্ডল নামটো ভাবি উলিয়াইছিল। লেব১২৬ এ তেওঁলোকক সামগ্ৰীবিধৰ নাম দিবলৈ ক'লে, আৰু তেওঁলোকে 'কিণ্ডল' নামটোৰ পৰামৰ্শ দিছিল। ইয়াৰ অৰ্থ আছিল "একুৰা জুই জ্বলাবলৈ"।[7] তেওঁলোকে অনুভৱ কৰিছিল যে অধ্যয়ন আৰু বৌদ্ধিক উত্তেজনাক সূচাবলৈ ই এটা উপযুক্ত উপমা। [8]
কিণ্ডলৰ হাৰ্ডৱেৰ ২০০৭ চনত প্ৰৱৰ্তিত মূল কিণ্ডল আৰু ২০০৯ চনত প্ৰৱৰ্তিত কিণ্ডল ডিএক্স (ইয়াৰ ডাঙৰ পৰ্দাৰ সৈতে)ৰ পৰা বিকশিত হৈছে। ইয়াৰ পৰিসৰৰ ভিতৰত আছে- কিব'ৰ্ডযুক্ত (কিণ্ডল কিব'ৰ্ড), স্পৰ্শ সংবেদনশীল আহিলা, প্ৰতিভাত উচ্চ-মানসম্পন্ন পৰ্দা (কিণ্ডল পেপাৰহোৱাইট), কিণ্ডল এপযুক্ত টেবলেট কম্পিউটাৰ (কিণ্ডল ফায়াৰ), আৰু স্পৰ্শ-সংবেদনশীল পৰ্দা থকা কম মূল্যৰ আহিলা (কিণ্ডল ৭)। আৰম্ভণিৰে পৰা কিণ্ডল ই-পঠন সঁজুলিবিধ বহুমুখী উদ্দেশ্যৰ হাৰ্ডৱেৰ হোৱাৰ পৰিৱৰ্তে পঢ়াৰ বাবে একক উদ্দেশ্যৰ সঁজুলি হৈ আহিছে যাতে পঢ়াৰ সময়ত মনোযোগ বিঘিনি নঘটে।
আমাজনে উইণ্ড'জ, মেকঅ'এছ, এণ্ড্ৰইড, আইঅ'এছ, ব্লেকবেৰী ১০ আৰু উইণ্ড'জ ফোনকে ধৰি বিভিন্ন সঁজুলি আৰু মাধ্যমত ব্যৱহাৰৰ বাবে কিণ্ডল এপসমূহো প্ৰৱৰ্তন কৰিছে।[9] আধুনিক ৱেব ব্ৰাউজাৰসমূহ ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীয়ে ই-বুক পঢ়িব পৰাকৈ আমাজনত এটা ক্লাউড ৰিডাৰো আছে।[10]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.