আমবাৰীৰ পুৰাতাত্ত্বিক ক্ষেত্ৰ
গুৱাহাটীৰ আমবাৰীত অৱস্থিত পুৰাতাত্ত্বিক ক্ষেত্ৰ / From Wikipedia, the free encyclopedia
আমবাৰীৰ পুৰাতাত্ত্বিক ক্ষেত্ৰ (ইংৰাজী: Ambari Archeological Site) গুৱাহাটীৰ আমবাৰীত অৱস্থিত এক প্ৰত্নতাত্ত্বিক স্থান। ১৯৬৯ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱন নিৰ্মাণৰ বাবে খনন কৰোঁতে আকস্মিকভাৱে এই ক্ষেত্ৰখন আৱিষ্কৃত হয়।[1] সেই সময়ৰে পৰা বিভিন্ন খননকাৰী দলে এই ক্ষেত্ৰখনত খননকাৰ্য চলায় আৰু দেৱ-দেৱীৰ মৃণ্ময় মূৰ্তি, শিৱলিংগ, যোনিপীঠ, মাটি তথা বিভিন্ন উপাদানেৰে নিৰ্মিত পাত্ৰ আৰু অন্যান্য সা-সঁজুলি উদ্ধাৰ কৰে।[2] এই সামগ্ৰীসমূহে স্পষ্টভাৱে দুটা সাংস্কৃতিক যুগক প্ৰতিনিধিত্ব কৰে। এইকেইটা হৈছে ৭ম-১২শ শতিকা আৰু ১৩শ-১৭শ শতিকা।[1] ২০০৮-০৯ বৰ্ষত ভাৰতীয় পুৰাতাত্ত্বিক বিভাগৰ গুৱাহাটী শাখা আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে যুটীয়াভাৱে চলোৱা খননকাৰ্যত এই ঠাইত ইটাৰে গঁঠা খটখটী আৱিষ্কাৰ কৰা হয় যিসমূহ শুংগ-কুশাণ যুগৰ (খ্ৰীষ্টপূৰ্ব ২য়-১ম শতিকাৰ পৰা খ্ৰীষ্টিয় ৩য় শতিকা) বুলি ঠাৱৰ কৰা হৈছে।[1] এই স্থানক অসম চৰকাৰৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন আৰু অভিলেখ আইন,অসম ১৯৫৯-ৰ অধীনত সংৰক্ষিত এলেকা হিচাপে চিহ্নিত কৰা হৈছে।[3]
আমবাৰীত উদ্ধাৰ হোৱা নটৰাজৰ মূৰ্তি (১৩শ-১৪শ শতিকা) | |
অৱস্থিতি | আমবাৰী, কামৰূপ মহানগৰ জিলা, অসম, ভাৰত |
---|---|
অঞ্চল | উত্তৰ-পূৰ্বাঞ্চল |
অৱস্থান | 26.118°N 91.4521°E / 26.118; 91.4521 |
প্ৰকাৰ | পুৰাতাত্ত্বিক |
অতিৰিক্ত তথ্য | |
আৱিষ্কাৰৰ সময় | ১৯৬৯ |
বৰ্তমানৰ অৱস্থা | সংৰক্ষিত |