![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/53/Abdus_Salam_1987.jpg/640px-Abdus_Salam_1987.jpg&w=640&q=50)
আব্দুছ ছালাম
From Wikipedia, the free encyclopedia
আব্দুছ ছালাম (ইংৰাজী: Abdus Salam; জন্ম: ২৯ জানুৱাৰী, ১৯২৬ – মৃত্যু: ২১ নৱেম্বৰ, ১৯৯৬) আছিল এগৰাকী পদাৰ্থবিজ্ঞানী। তেওঁ ইটালীৰ ট্ৰিয়েষ্টিত থকা "ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ থিয়ৰেটিকেল ফিজিক্স" অৰ্থাৎ "তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ আন্তৰ্জাতিক কেন্দ্ৰ"ৰ প্ৰতিষ্ঠাপক বিজ্ঞানী আছিল।[4] এই কেন্দ্ৰ স্থাপনৰ মুখ্য উদ্দেশ্য আছিল বিশেষভাৱে উন্নয়নশীল দেশৰ বিজ্ঞানীসকলক অন্যান্য দেশৰ বিজ্ঞানীৰ সংস্পৰ্শলৈ আহি আলোচনা আৰু গৱেষণাৰ চিন্তা কৰাৰ সুযোগ দিয়া। বিদ্যুৎচুম্বকীয় আৰু দুৰ্বল নিউক্লীয় শক্তিৰ একাকীকৰণ (unification) বিষয়ত কৰা গৱেষণাৰ বাবে ১৯৭৯ চনত আব্দুছ ছালামে ছেলদন গ্লেছ আৰু ষ্টিফেন্ ৱেইনবাৰ্গৰ সৈতে একেলগে পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।[4]
ক্ষিপ্ৰ তথ্য আব্দুছ ছালাম, জন্ম ...
আব্দুছ ছালাম | |
---|---|
![]() ১৯৮৭ চনত আব্দুছ ছালাম | |
জন্ম | ২৯ জানুৱাৰী, ১৯২৬ ঝাং, পঞ্জাব, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পঞ্জাব, পাকিস্তান) |
মৃত্যু | ২১ নৱেম্বৰ, ১৯৯৬ (৭০ বছৰ) অক্সফ'ৰ্ড, ইংলেণ্ড, যুক্তৰাজ্য |
জাতীয়তা | পাকিস্তানী |
ক্ষেত্ৰ | তাত্ত্বিক পদাৰ্থবিজ্ঞানী |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান | গ'ৱৰ্ণমেণ্ট কলেজ ইউনিভাৰ্ছিটি, লাহোৰ (BA) পঞ্জাব ইউনিভাৰ্ছিটি (MA) ছেইণ্ট জ'নছ কলেজ, কেমব্ৰিজ (PhD) |
ডক্তৰেল পৰামৰ্শদাতা | নিক'লাছ কেমাৰ |
আন শৈক্ষিক পৰামৰ্শদাতা | প'ল মেথিউছ |
ডক্তৰেল বিদ্যাৰ্থী |
|
আন উল্লেখযোগ্য বিদ্যাৰ্থী |
|
জনা যায় |
|
প্ৰভাৱ | পল ডিৰাক[3] |
উল্লেখনীয় বঁটা | স্মিথছ প্ৰাইজ (১৯৫০) আডামছ প্ৰাইজ (১৯৫৮) চিতাৰা-ই-পাকিস্তান (১৯৫৯) হিউজ মেডেল (১৯৬৪) এটমছ্ ফৰ পীচ প্ৰাইজ (১৯৬৮) ৰ'য়েল মেডেল (১৯৭৮) Matteucci Medal (১৯৭৮) পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা (১৯৭৯) নিচান-ই-ইমতিয়াজ (১৯৭৯) লমনছ'ভ গল্ড মেডেল (১৯৮৩) কপ্লে' মেডেল (১৯৯০) |
দাম্পত্যসঙ্গী | আমটুল হাফিজ বেগম (বি. ১৯৪৯–৯৬)
লুইছ জনছন (বি. ১৯৬৮–৯৬) |
সতি-সন্ততি | ৬ |
স্বাক্ষৰ![]() |
বন্ধ কৰক