আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ
সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে অহিংস আৰু গান্ধী নীতি অনুসৰণ কৰা ব্যক্তি বা অনুষ / From Wikipedia, the free encyclopedia
আন্তৰ্জাতিক গান্ধী শান্তি বঁটা, মহামানৱ মহাত্মা গান্ধীৰ নামত ভাৰত চৰকাৰে প্ৰদান কৰে।
ক্ষিপ্ৰ তথ্য বঁটাৰ তথ্য ...
গান্ধী শান্তি বঁটা Gandhi Peace Prize | ||
বঁটাৰ তথ্য | ||
---|---|---|
শ্ৰেণী | আন্তৰ্জাতিক | |
প্ৰথমবাৰ প্ৰদান | ১৯৯৫ | |
অন্তিমবাৰ প্ৰদান | ২০২০ | |
মুঠ প্ৰদানৰ সংখ্যা | ১৯ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
নগদ টকা | ₹ ১ কোটি (১০ মিলিয়ন) | |
প্ৰথম প্ৰাপক | জুলিয়াছ নেয়াৰ | |
অন্তিম প্ৰাপক | শেখ মুজিবুৰ ৰহমান ( Sheikh Mujibur Rahman) |
বন্ধ কৰক
১৯৯৫ চনত গান্ধীজীৰ ১২৫তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে এই বঁটাৰ সূচনা কৰে। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনত সফলভাৱে অহিংস আৰু গান্ধী নীতি অনুসৰণ কৰা ব্যক্তি বা অনুষ্ঠানক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ লগত আছে ১ কোটি ভাৰতীয় টকা, এখনি প্ৰশস্তি পত্ৰ আৰু এক উদ্ধৃতি। এই বঁটা ৰাষ্টীয়তা, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰদান কৰা হয়।
এই বঁটা প্ৰদানৰ বাচনি কমিটিত ভাৰতৰ প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলপতি, ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু দুজন প্ৰসিদ্ধ ব্যক্তিৰে গঠিত।[1]