আন্তৰ্জাতিক অনুবাদ দিৱস হৈছে অনুবাদ পেছাদাৰীসকলক স্বীকৃতি দিয়া এক আন্তঃৰাষ্ট্ৰীয় দিৱস। ৩০ ছেপ্তেম্বৰ তাৰিখটো বাইবেল অনুবাদক চেণ্ট জেৰমৰ উৎসৱৰ দিন হিচাপে এই অনুবাদ দিৱস পালিত হৈছে।[1]

Thumb
অধ্যয়নৰত অৱস্থাত চেইণ্ট.জেৰম। ডমেনিকো ঘিৰলাণ্ডাইৱৰ এখন চিত্ৰ

ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ

২০১৭ চনৰ ২৪ মে'ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৩০ ছেপ্তেম্বৰ আন্তৰ্জাতিক অনুবাদ দিৱস ঘোষণা কৰি ৭১/২৮৮ নং প্ৰস্তাৱ গৃহীত কৰে, য'ত ৰাষ্ট্ৰসমূহক সংযোগ কৰাত পেছাদাৰী অনুবাদৰ ভূমিকাক স্বীকৃতি দিয়া হয়।[1][2][3] খচৰা প্ৰস্তাৱ A/71/L.68 ত এঘাৰখন দেশে স্বাক্ষৰ কৰে: আজাৰবাইজান, বাংলাদেশ, বেলাৰুছ, কোষ্টা ৰিকা, কিউবা, ইকুৱেডৰ, পেৰাগুৱে, কাটাৰ, তুৰস্ক, তুৰ্কমেনিস্তান আৰু ভিয়েটনাম।[4] আন্তঃৰাষ্ট্ৰীয় অনুবাদক ফেডাৰেচনৰ উপৰিও এই প্ৰস্তাৱ গ্ৰহণৰ পোষকতা কৰিছিল আন্তৰ্জাতিক সন্মিলন দোভাষী সংস্থা, ক্ৰিটিকেল লিংক ইণ্টাৰনেশ্যনেল, আন্তৰ্জাতিক পেছাদাৰী অনুবাদক আৰু দোভাষী সংস্থা, ৰেড টি, বিশ্ব সাংকেতিক ভাষাৰ দোভাষী সংস্থাকে ধৰি আন কেইবাটাও সংস্থাই।[5]

ৰাষ্ট্ৰসংঘই আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰাছিয়ান, স্পেনিছ আৰু জাৰ্মান ভাষাত অনুবাদৰ বাবে বাৰ্ষিক চেণ্ট জেৰম অনুবাদ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।[1]

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.