আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি
আন্তঃৰাষ্ট্ৰীয় সংস্থা / From Wikipedia, the free encyclopedia
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (ইংৰাজী: International Monetary Fund) বা চমুকৈ আই এম এফ হৈছে ১৮৮খন সদস্য ৰাষ্ট্ৰৰে গঠিত এক আন্তঃৰাষ্ট্ৰীয় সংস্থা। সংস্থাটোৰ প্ৰধান কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিত অৱস্থিত। মুদ্ৰাৰ বিষয়ত গোলকীয় সহযোগিতা বৃদ্ধি, বিত্তীয় স্থিৰতা, আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰত সহযোগ, ৰোজগাৰ বৃদ্ধি, দীৰ্ঘম্যাদী অৰ্থনৈতিক উন্নয়ন আৰু বিশ্বত দৰিদ্ৰতা হ্ৰাসকৰণ সংস্থাটোৰ মূল উদ্দেশ্য।[2] ১৯৪৪ চনত ব্ৰেটন ৱুডছ কনফাৰেঞ্চত আন্তঃৰাষ্ট্ৰীয় ধন আদায় ব্যৱস্থাটোৰ পুনৰ্গঠনৰ উদ্দেশ্যেৰে ২৯খন সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ১৯৪৫ চনতহে আনুষ্ঠানিক ৰূপ পায়। সদস্য ৰাষ্ট্ৰসমূহে এক সংৰক্ষণ ব্যৱস্থাৰ যোগেদি এটা নিধিলৈ বৰঙনি আগবঢ়াইছিল আৰু প্ৰায়োজনীয়তাত ভোগা দেশসমূহে এই নিধিৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰিছিল। ২০১০ চনত সেই সময়ৰ বিনিময় হাৰৰ হিচাপত নিধিটোত প্ৰায় ৭৫৫.৭ বিলিয়ন আমেৰিকান ডলাৰ জমা আছিল।[3]
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি International Monetary Fund | |
---|---|
চমু নাম | IMF |
প্ৰতিষ্ঠা | ২৭ ডিচেম্বৰ ১৯৪৫ (৭৮ বছৰ আগত) (1945-12-27) |
ধৰণ | আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংস্থা |
প্ৰধান কাৰ্যালয় | ৱাশ্বিংটন ডি চি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
স্থানাংক | 38.53°N 77.02°W / 38.53; -77.02 |
সদস্যপদ | ১৮৮খন ৰাষ্ট্ৰ |
আনুষ্ঠানিক ভাষা | ইংৰাজী[1] |
মেনেজিং ডাইৰেক্টৰ | খ্ৰীষ্টিন লাগাৰ্ডে (Christine Lagarde) |
মূল ক্ষমতা | ব’ৰ্ড অফ গভৰ্ণৰছ |
ৱেবছাইট | imf |
উক্ত নিধি আৰু অন্যান্য কাৰ্যাৱলীৰ জৰিয়তে আই এম এফে সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নৰ হকে কাম কৰে।[4] সংস্থাটোৰ আৰ্টিকলছ অফ এগ্ৰীমেণ্টত উল্লেখ থকা মতে ইয়াৰ উদ্দেশ্যসমূহ হৈছে[5] আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰ,ৰ্বেলেঞ্চ অফ পেমেণ্টৰ সমতা স্থাপনৰ অৰ্থে সদস্য ৰাষ্ট্ৰসমূহক বিত্তৰ যোগানকে ধৰি ৰোজগাৰ আৰু বিনিময় হাৰৰ স্থিৰতা।[6]