আণ্ড্ৰে মেৰি এম্পিয়েৰ
From Wikipedia, the free encyclopedia
আণ্ড্ৰে মেৰি এম্পিয়েৰ (en-André-Marie Ampère) (/ˈæmpɪər/;[1] ফৰাচী: [ɑ̃pɛʁ]; ২০ জানুৱাৰী ১৭৭৫-১০ জুন ১৮৩৬)[2] আছিল এগৰাকী ফৰাচী পদাৰ্থবিদ আৰু গণিতজ্ঞ৷ ধ্ৰুপদী বিদ্যুৎ-চুম্বকত্বৰ প্ৰতিস্থাপকসকলৰ ভিতৰত তেওঁৰ নামটো উল্লেখযোগ্য, যাক তেওঁ বিদ্যুৎগতিবিজ্ঞান হিচাপে অভিহিত কৰিছিল৷ তেওঁ কেইবাটাও প্ৰায়োগিক সঁজুলি উদ্ভাৱন কৰিছিল; যাৰ ভিতৰত ছলেনয়ড (solenoid), বৈদ্যুতিক টেলিগ্ৰাফ আছিল প্ৰধান৷ তেওঁ আছিল স্ব-শিক্ষিত ব্যক্তি৷ তেওঁ ফৰাচী বিজ্ঞান একাডেমী ৰ এজন সদস্য আছিল আৰু ইক'ল পলিটেকনিক আৰু কলেজ ডি ফ্ৰান্সৰ অধ্যাপক আছিল৷
ক্ষিপ্ৰ তথ্য আণ্ড্ৰে মেৰি এম্পিয়েৰ André-Marie Ampère, জন্ম ...
আণ্ড্ৰে মেৰি এম্পিয়েৰ André-Marie Ampère | |
---|---|
আণ্ড্ৰে মেৰি এম্পিয়েৰৰ খোদিত ভাস্কৰ্য | |
জন্ম | ২০ জানুৱাৰী, ১৭৭৫ লিয়ন, ফৰাচী সাম্ৰাজ্য |
মৃত্যু | ১০ জুন, ১৮৩৬ (৬১ বছৰ) মাৰছেইলে, ফৰাচী সাম্ৰাজ্য |
জাতীয়তা | ফৰাচী |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান |
কৰ্মস্থান | ই'কল পলিটেকনিক |
জনা যায় | এম্পিয়েৰৰ বৰ্তনীৰ সূত্ৰ এম্পিয়েৰৰ বল সূত্ৰ সোঁহাতৰ নিয়ম এভোগ্ৰেডোৰ সূত্ৰ মংগে-এম্পিয়েৰৰ সমীকৰণ |
স্বাক্ষৰ |
বন্ধ কৰক
আন্তৰ্জাতিক একক পদ্ধতি (International System of Units, SI)য়ে বৈদ্যুতিক প্ৰৱাহৰ একক এম্পিয়েৰক তেওঁৰ নামেৰে নামকৰণ কৰিছে৷ [3] পেৰিছত থকা আইফেল টাৱাৰৰ খোদিত ৭২টা নামৰ ভিতৰত তেওঁ নামটোও সন্নিৱিষ্ট হৈছে৷ [4]