![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/15/Aauniati_satra_gate.jpg/640px-Aauniati_satra_gate.jpg&w=640&q=50)
আউনীআটী সত্ৰ
অসমৰ চাৰি ৰাজসত্ৰৰ অন্যতম সত্ৰ / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো মাজুলীত অৱস্থিত মূল সত্ৰৰ বিষয়ে। টীয়ক, কলিয়াপানীত অৱস্থিত আউনীআটী সত্ৰৰ বাবে আউনীআটী সত্ৰ (টীয়ক) চাওক।
আউনীআটী সত্ৰ অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ।[1] আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত ১৫৭৫ শকত (ইং ১৬৫৩ চন) এইখন সত্ৰ নিৰ্মাণ কৰায়।[2] সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জনদেৱ। বৰ্তমানলৈকে মুঠ ১৬জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে। বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী।
ক্ষিপ্ৰ তথ্য আউনীআটী সত্ৰ, ভূ-স্থানাংক ...
আউনীআটী সত্ৰ | |
---|---|
![]() আউনীআটী সত্ৰত প্ৰৱেশদ্বাৰ | |
ভূ-স্থানাংক | 26.56°N 94.7°E / 26.56; 94.7 |
স্থান | |
দেশ | ![]() |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | মাজুলী জিলা |
এলেকা | মাজুলী |
ইতিহাস | |
নিৰ্মাণকাল (বৰ্তমান গৃহ) |
১৬৫৩ চন (১৫৭৫ শক) |
প্ৰতিস্থাপক | জয়ধ্বজ সিংহ |
ৱেবছাইট | http://www.auniati.org/ |
বন্ধ কৰক