আই চি চি বিশ্ব টুৱেণ্টি২০
From Wikipedia, the free encyclopedia
আই চি চি বিশ্ব টুৱেণ্টি২০ (ইংৰাজী: :ICC World Twenty20) (আই চি চি বিশ্ব টি২০ আৰু টি২০ বিশ্বকাপ হিচাপেও জনাজাত) হৈছে টি২০ ক্ৰিকেটৰ আন্তৰ্জাতিক চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাৰ আয়োজক আন্তৰ্জাতিক ক্ৰিকেটৰ তদাৰককাৰী সংস্থা আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল (ICC)। প্ৰতিযোগিতাখনত সৰ্বমুঠ ১২খন দেশৰ জাতীয় ক্ৰিকেট দলে, ভাগ লয় তাৰ দহটা দল হৈছে আই চি চি ৰ পূৰ্ণ সদস্য ৰাষ্ট্ৰৰ দল আৰু আন দুটা আই চি চি টি২০ কোৱালিফায়াৰ ৰাউণ্ডৰ যোগেদি নিৰ্বাচিত কৰা দল। এই প্ৰতিযোগিতা প্ৰতি ২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়।
আই চি চি বিশ্ব টুৱেণ্টি২০ | |
---|---|
টি২০ বিশ্বকাপৰ ট্ৰফী | |
প্ৰসাশক | আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল |
ধৰণ | টি২০ আন্তৰ্জাতিক |
প্ৰতিযোগিতাৰ ধৰণ | প্ৰথম পৰ্যায়ত ৰাউণ্ড ৰ’বিন পদ্ধতি, তাৰ পাছত ন’ক আউট পদ্ধতি |
দল সংখ্যা | ১২ |
বৰ্তমানৰ চেম্পিয়ন | ৱেষ্ট ইণ্ডিজ |
সৰ্বাধিক সফল |
|
সৰ্বাধিক ৰাণ | মাহেলা জয়াবৰ্দ্ধনে |
সৰ্বাধিক ৱিকেট | লাচিথ মালিংগা |
২০১২ |
প্ৰথম আই চি চি বিশ্ব টুৱেণ্টি২০, ২০০৭ চনৰ ১১-২৪ ছেপ্টেম্বৰলৈকে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হয়। ভাৰতে চূড়ান্ত খেলত পাকিস্তানক পৰাস্ত কৰি প্ৰথম আই চি চি বিশ্ব টুৱেণ্টি২০ৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে। জোহান্সবাৰ্গত হোৱা চুড়ানত খেলখনত ভাৰতে ৫ ৰাণত বিজয় সাব্যস্ত কৰে। এইখন আই চি চি বিশ্ব টুৱেণ্টি২০ৰ ৰাণাৰ্চ আপ পাকিস্তানে ইংলেণ্ডত অনুষ্ঠিত দ্বিতীয়খন আই চি চি বিশ্ব টুৱেণ্টি২০ৰ চূড়ান্ত খেলত লণ্ডনৰ লৰ্ডচ খেলপথাৰত শ্ৰী লংকাক ৮ ৱিকেটত পৰাস্ত কৰি চেম্পিয়ন হয়।[1][2] তৃতীয়খন প্ৰতিযোগিতা অনুষ্ঠিত হয় ২০১০চনত (৩০এপ্ৰিলৰ পৰা ১৬ মে’লৈ) ৱেষ্ট ইণ্ডিজত। ইংলেণ্ড দলে কিংগষ্টন অ’ভেলত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অষ্ট্ৰেলিয়াক সাত ৱিকেটত পৰাস্ত কৰি আই চি চি বিশ্ব টুৱেণ্টি২০ৰ তৃতীয় চেম্পিয়ন হয়। ইংলেণ্ড দলে দখল কৰা এইটো আছিল প্ৰথম আই চি চিৰ কোনো প্ৰতিযোগিতাৰ খিতাপ। ২০১২ত অনুষ্ঠিত চতুৰ্থখন আই চি চি বিশ্ব টুৱেণ্টি২০ত ৱেষ্ট ইণ্ডিজে ঘৰুৱা দল শ্ৰী লংকাক পৰাস্ত কৰি চেম্পিয়ন হয়। পঞ্চমখন প্ৰতিযোগিতাত বাংলাদেশে আয়োজন কৰা আইচিচি ৱৰ্ল্ড টি-২০ত ভাৰতক পৰাস্ত কৰি শ্ৰীলংকাই জয়লাভ কৰে, শ্ৰীলংকাই তিনিখন ফাইনেলত খেলা প্ৰথমটো দল।