আইজাক নিউটন
পদাৰ্থ বিজ্ঞানী, গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী, প্ৰাকৃতিক দাৰ্শনিক, ৰসায়ন বিজ্ঞনী, ধৰ্মতাত্বিক / From Wikipedia, the free encyclopedia
একাধাৰে পদাৰ্থ বিজ্ঞানী, গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী, প্ৰাকৃতিক দাৰ্শনিক (Natural Philosopher), ৰসায়ন বিজ্ঞনী, ধৰ্মতাত্বিক ইংৰাজ ৰয়েল চচাইটিৰ সদস্য ছাৰ আইজাক নিউটন ইতিহাসৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তি সকলৰ ভিতৰত অন্যতম। ১৬৮৭ চনত প্ৰকাশ হোৱা ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা (সাধাৰণ ভাবে প্ৰিন্সিপিয়া) বিজ্ঞান ইতিহাসত এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। এই গ্ৰন্থত বল গতি বিজ্ঞানৰ সেই বিখ্যাত নিউটনৰ তিনি সূত্ৰৰ আৰু মধ্যাকৰ্ষণ শক্তিৰ কথা ব্যাখ্যা আছে। কেপ্লাৰৰ গ্ৰহ গতি ধাৰণা তেখেতৰ সূত্ৰৰ সহায়ত প্ৰমাণ হয়। তেখেতৰ আৱিষ্কাৰৰ বলতেই পৃথিৱীক কেন্দ্ৰ কৰি ঘূৰা ব্ৰহ্মাণ্ডৰ ধাৰণাৰ ইতি পৰে।
এই জীৱনী বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ছাৰ আইজাক নিউটন | |
---|---|
গডফ্ৰে নেলাৰএ ১৬৮৯ চনত অঁকা আইজাক নিউটনৰ প্ৰতিকৃতি (৪৬ বছৰ বয়স) | |
জন্ম | ৪ জানুৱাৰী, ১৬৪৩ [পুৰণা পদ্ধতি: ২৫ ডিচেম্বৰ ১৬৪২][lower-alpha 1] লিংকনশ্বিয়াৰ (Lincolnshire), ইংলেণ্ড |
মৃত্যু | ৩১ মাৰ্চ, ১৭২৭ (৮৪ বছৰ) [পুৰণা পদ্ধতি: ১৭ মাৰ্চ ১৭২৭][lower-alpha 1] কেনচিংষ্টন, মিডলচেক্স, ইংলেণ্ড |
বাসস্থান | ইংলেণ্ড |
জাতীয়তা | ইংলিছ |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান, গণিত, জ্যোৰ্তি বিজ্ঞান, natural philosophy, alchemy, Christian theology |
কৰ্মস্থান | কেমব্ৰিজ বিশ্ববিদ্যালয় ৰয়েল ছছায়টি ৰয়েল মিণ্ট |
শিক্ষানুষ্ঠান | ট্ৰিনিটি কলেজ, কেমব্ৰিজ |
শৈক্ষিক পৰামৰ্শদাতা | আইজাক বেৰ' (ইংৰাজী: Isaac Barrow)[3] বেঞ্জামিন পুলেইন (ইংৰাজী: Benjamin Pulleyn)[4][5] |
উল্লেখযোগ্য বিদ্যাৰ্থী | ৰ'জাৰ ক'টছ (ইংৰাজী: Roger Cotes) ৱিলিয়াম হুইষ্টন (ইংৰাজী: William Whiston) |
জনা যায় | নিউটনিয়ান মেকানিকছ (ইংৰাজী: Newtonian mechanics) মহাকৰ্ষণীয় বিশ্বজনীন (ইংৰাজী: Universal gravitation) Infinitesimal calculus Optics Binomial series Newton's method Philosophiæ Naturalis Principia Mathematica |
প্ৰভাৱ | হেনৰি ম'ৰে (ইংৰাজী: Henry More)[6] প'লিছ ব্ৰেথৰেন (ইংৰাজী: Polish Brethren)[7] |
প্ৰভাৱান্বিত কৰিছে | জন কেইল (ইংৰাজী: John Keill) নিক'লাছ ফাটিঅ' ডি ডুইলাৰ (ইংৰাজী: Nicolas Fatio de Duillier) |
স্বাক্ষৰ | |
টোকা তেওঁৰ মাতৃৰ নাম আছিল হান্নাহ অ'চকফ্ (Hannah Ayscough)। |
নিউটনে প্ৰথমে ব্যবহাৰিক প্ৰতিফলন দূৰবীণ সাজি উলিয়ায়। পোহৰ বৰ্ণালীৰ ধাৰণাত তেখেতৰ বৰঙণি লেখত লব লগীয়া। শীতলী ভবনৰ সূত্ৰ তেখেতৰেই সৃষ্টি। শব্দৰ গতি সম্বান্ধেও তেখেতে যথেষ্ট তথ্য আগবঢ়াইছে। কলন গণিত (Calculus)-ৰ ক্ষেত্ৰত তেখেতৰ বৰঙণি অনবদ্য। ২০০৫ চনত এক সমীক্ষাত বিভিন্ন বিজ্ঞানী সমাজ আৰু জনসাধাৰণণৰ পৰা জানিব পৰা গ’ল যে আইনষ্টাইনতকৈ নিউটনৰ অৱদান বিজ্ঞান জগতত বহু বেছি। মানৱ জগতলৈ বুলি চালে অৱশ্যে দুয়োজন অৱদান প্ৰায় সমান।