![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/86/Internal_and_external_hemorrhoids.png/640px-Internal_and_external_hemorrhoids.png&w=640&q=50)
অৰ্শৰোগ
From Wikipedia, the free encyclopedia
অৰ্শৰোগ (US English) বা বিভিন্ন অৰ্শৰোগ UK /ˈhɛmərɔɪdz/, হৈছে শিৰা সম্বন্ধীয় গুহ্যদ্বাৰ ত থকা এক বিন্যাস যি মল নিয়ন্ত্ৰণ কৰাত সহায়ক হয়৷[1][2] সেইবোৰ ৰুগীয়া বা অৰ্শত[3] পৰিণত হয়, যেতিয়া ফুলি উঠে বা পোৰণি উঠে. সিহঁতৰ জৈৱিক অৱস্থাত, সিহঁতে ৰক্তবাহী উপসিৰা সমূহ আৰু সংযোজক কোষ-কলা ৰে সজ্জিত গাদীৰ নিচিনাকৈ ভূমিকা পালন কৰে৷
Hemorrhoids | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
![]() Diagram demonstrating the anal anatomy of both internal and external hemorrhoids | |
আই.চি.ডি.-10 | I84 |
আই.চি.ডি.-9 | 455 |
ডিজিজেছ ডে'টাবে'ছ | 10036 |
মেডলাইন প্লাছ | 000292 |
ইমেডিচিন | med/2821 emerg/242 |
MeSH | D006484 |
ৰুগীয়া অৰ্শৰ লক্ষণসমূহ মূলতঃ নিৰ্ভৰ কৰে ইয়াৰ বিদ্যমানতাৰ ওপৰত৷ অন্তঃৱৰ্তী অৰ্শ সাধাৰণতে বিষ নোহোৱাকৈয়ে হয়, আনহাতে গুহ্যদ্বাৰৰ ৰক্তক্ষৰণ বহিঃৱৰ্তী অৰ্শই ভালেমান উপসৰ্গৰ সৃষ্টি কৰে বা যদি ৰক্তনলীত তেজ গোট মৰা পায়ু ৰ ঠাইখিনিত এক বিশেষধৰণ বিষ হয় আৰু ফুলি উঠে৷ বহু লোকে গুহ্যদ্বাৰত দেখা দিয়া যিকোনো উপসৰ্গকে ভুলকৈ উপস্থাপনেৰে “অৰ্শ” বুলি ধৰি লয় আৰু যাৰ ফলত উপসৰ্গৰ গুৰুতৰ কাৰণ এৰাই চলা হয়৷ [4] য’ত অৰ্শৰ প্ৰকৃত কাৰণ অজ্ঞাত হৈ ৰৈ যায়, ভালেসংখ্যক কাৰণ যিয়ে পেটৰ আভ্যন্তৰীণ ভাগত চাপ বৃদ্ধি কৰে, বিভিন্ন ক্ষেত্ৰত কোষ্ঠকাঠিন্য ই অৰ্শৰ বিকাশত ভালেখিনি অৰিহণা যোগায়৷
সাধাৰণৰ পৰা মধ্যমীয়া ধৰণৰ ৰোগৰ প্ৰাথমিক চিকিৎসাত সন্নিৱিষ্ট থাকে আঁহযুক্ত আহাৰ গ্ৰহণ পৰিমাণ বৃদ্ধি কৰা, দেহত পানীৰ যৌগ পৰ্যাপ্ত পৰিমানৰ থাকিবলৈ জুলীয়া আহাৰ খোৱা, বিষৰ পৰা উপশম পাবলৈ NSAIDs ৰ ব্যৱহাৰ, আৰু জিৰণি৷ যদিহে উপসৰ্গসমূহ গুৰুতৰ হয় বা ৰক্ষণশীল ব্যৱস্থাৰে কোনো উন্নত নহয় তেনে অৱস্থাত কিছুপৰিমাণৰ গৌণ প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰিব পাৰি৷ আনহাতে এনে প্ৰক্ৰিয়া ব্যৱহাৰ কৰি কোনো সুফল নোপোৱা সকলৰ বাবে অস্ত্ৰোপচাৰ অন্তিমটো পথ হিচাপে থাকে৷ প্ৰায় অৰ্ধেকাংশ লোকেই তেওঁলোকৰ জীৱনত অৰ্শ ৰোগৰ সমস্যাৰ সমূখীন হয়৷ পৰিণাম সাধাৰণতে ভালেই হয়৷