অৰ্থনৈতিক একত্ৰীকৰণ
From Wikipedia, the free encyclopedia
অৰ্থনৈতিক একত্ৰিকৰণ (ইংৰাজী: Economic integration) হৈছে একাধিক ৰাষ্ট্ৰৰ অৰ্থনৈতিক নীতিসমূহৰ সমন্বিত বা একত্ৰিত ব্যৱস্থা। এই ব্যৱস্থাত একত্ৰিকৰণৰ পূৰ্বে অন্তৰ্ভুক্ত দেশসমূহে নিজৰ মাজত বিভিন্ন আমদানি শুল্ক আৰু অশুল্ক নিষেধসমূহ কিছু পৰিমাণে বা সম্পূৰ্ণভাৱে উঠাই লয়। ইয়াৰ দ্বাৰা বিতৰক আৰু উপভোক্তা উভয় পক্ষৰে সামূহিক কল্যাণ আৰু দেশসমূহৰ অৰ্থনৈতিক উৎপাদন ক্ষমতা বৃদ্ধিৰ লক্ষ্য বান্ধি লোৱা হয়।
অৰ্থনৈতিক একত্ৰিকৰণৰ যোগেদি আশা কৰা বাণিজ্যিক প্ৰভাৱ সমসাময়িক অৰ্থনৈতিক সূত্ৰ দ্বিতীয় শ্ৰেষ্ঠৰ সূত্ৰৰ এটা অংশ। দ্বিতীয় শ্ৰেষ্ঠৰ সূত্ৰ মতে শ্ৰেষ্ঠতম বিকল্প হৈছে বাণিজ্যিক বাধা-নিষেধৰ অবিহনে আৰু মুক্ত প্ৰতিযোগিতাৰ সৈতে থকা মুক্ত বেহা-বেপাৰৰ ব্যৱস্থা। মুক্ত বেহা-বেপাৰক আদৰ্শ বিকল্প হিচাপে গণ্য কৰাৰ বিপৰীতে সম্পূৰ্ণ মুক্ত বেহা-বেপাৰত বাধা-নিষেধ থকা গোলকীয় বাণিজ্যত অৰ্থনৈতিক একত্ৰিকৰণক দ্বিতীয় শ্ৰেষ্ঠ বিকল্প ৰূপে ধৰা হয়।