অৰুণা ইৰানী
ভাৰতীয় অভিনেত্ৰী / From Wikipedia, the free encyclopedia
অৰুণা ইৰানী (ইংৰাজী: Aruna Irani; জন্ম: ১৮ আগষ্ট ১৯৪৬) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেখেতে পাঁচশতকৈও অধিক ছিনেমাত অভিনয় কৰিছে। হিন্দী, কন্নড়, মাৰাঠী আৰু গুজৰাটী ছবিত সাধাৰণতে তেখেতক দেখা যায়। অৰুণা ইৰানীয়ে প্ৰায়েই সহ-অভিনেত্ৰী আৰু চৰিত্ৰত অৱতীৰ্ণ হয়। তেখেতে এতিয়ালৈকে দুবাৰকৈ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৮৫ চনত নিৰ্মিত 'পেট প্যাৰ ঔৰ পাপ' (১৮৫) আৰু ১৯৯৩ চনত নিৰ্মিত 'বেটা' হৈছে সেই ছবি দুখনৰ নাম। ইয়াৰ লগতে দহটাতকৈও অধিক বঁটাৰ বাবে তেখেত মনোনীত হৈছে। উল্লেখযোগ্য যে, এইটো শিতানত সৰ্বাধিক মনোনয়ন লাভ কৰা অভিনেত্ৰীৰ ভিতৰত তেখেত শীৰ্ষত আছে। ২০১২ চনত ৫৭ সংখ্যক ফিল্মফেয়াৰ মহোৎসৱত তেখেত 'জীৱনজোৰা সাধনাৰ বঁটা'ৰে সন্মানীত হয়।[1]
ক্ষিপ্ৰ তথ্য অৰুণা ইৰানী, জন্ম ...
অৰুণা ইৰানী | |
---|---|
![]() অষ্টাদশ বাৰ্ষিক গোল্ড বঁটা অনুষ্ঠানত অৰুণা ইৰানী | |
জন্ম | ১৮ আগষ্ট, ১৯৪৬ (৭৭ বছৰ) মুম্বাই, ভাৰত |
পেচা | অভিনেত্ৰী, ছবি পৰিচালক |
দাম্পত্যসঙ্গী | কুকু কোহলী |
আত্মীয়-স্বজন | ইন্দ্ৰ কুমাৰ (ভ্ৰাতৃ) আদি ইৰানী (ভ্ৰাতৃ) ফিৰোজ ইৰানী (ভ্ৰাতৃ) বিন্দু (অভিনেত্ৰী, ভাগিনী) |
বন্ধ কৰক