অৰুণাচল প্ৰদেশৰ উৎসৱসমূহ
From Wikipedia, the free encyclopedia
অৰুণাচল প্ৰদেশৰ সমাজৰ সকলো শ্ৰেণীৰ লোকে কৃষি, ধৰ্ম আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। এই সমূহত তেওঁলোকে নৃত্য কৰি, ভোজ-ভাত খাই আনন্দ কৰে। কৃষিৰ লগত জড়িত থকা উৎসৱ সমূহত খেতি ভাল হ’বৰ বাবে ভগৱানক প্ৰাৰ্থনা অথবা ভাল খেতি হোৱা বাবে ভগৱানক ধন্যবাদ কৃতজ্ঞতা বাবে উদযাপন কৰা হয়। অন্যহাতে, ধাৰ্মিক উৎসৱ সমূহত পুৰোহিতক নিমন্ত্ৰণ কৰি নিজ জনগোষ্ঠীৰ লোকসকলৰ মাজত আয়োজন কৰা হয়। বছৰৰ বাৰ মাহতে বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বিভিন্ন উৎসৱ পালন কৰে। এই দৃষ্টি মতে, অৰুণাচলক উৎসৱ আয়োজন কৰাৰ প্ৰদেশ বুলিব পাৰি। অৰুণাচল প্ৰদেশৰ জনগোষ্ঠী সমূহে উদযাপন কৰা প্ৰায় সকলো বিলাক উৎসৱতে জীৱ-জন্তু বলি দিয়াটো তেওঁলোকৰ ধৰ্মীয় ৰীতি।[1]