![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c7/Ahalya.jpg/640px-Ahalya.jpg&w=640&q=50)
অহল্যা
গৌতম মহৰ্ষিৰ পত্নী / From Wikipedia, the free encyclopedia
হিন্দু ধৰ্মত, অহল্যা(সংস্কৃত: अहल्या ), গৌতম মহৰ্ষিৰ পত্নী। তেওঁক অহিল্যা বুলিও জনা যায়। বহুতো হিন্দু শাস্ত্ৰত উল্লেখ কৰা অনুসৰি ইন্দ্ৰই (দেৱতাৰ ৰজা) তেওঁৰ সতীত্ব নষ্ট কৰিছিল, বিশ্বাসঘাতকতাৰ বাবে তেওঁৰ স্বামীয়ে অভিশাপ দিছিল, আৰু ৰামৰ দ্বাৰা এই অভিশাপৰ পৰা মুক্ত হৈছিল।
অহল্যা | |
---|---|
পঞ্চকন্যা-ৰ সদস্য | |
![]() ৰাজা ৰবি বৰ্মাৰ অহল্যা (১৮৪৮–১৯০৬) | |
দেৱনাগৰী | अहल्या |
সংস্কৃত লিপ্যন্তৰ | Ahalyā |
সম্পৰ্ক | ঋষি, পঞ্চকন্যা |
নিবাস | ঋষি গৌতম |
সঙ্গী | গৌতম |
সন্তান | শতানন্দ (ৰামায়ণ অনুসৰি) |
ব্ৰহ্মাই এক পৰমসুন্দৰী নাৰী সৃষ্টিৰ মানসেৰে অহল্যাক সৃষ্টি কৰিছিল। তেওঁৰ স্বামী ঋষি গৌতম বয়সত তেওঁতকৈ যথেষ্ট ডাঙৰ আছিল। প্ৰাচীনতম পূৰ্ণাঙ্গ উপাখ্যান সমূহত কোৱা হৈছে, অহল্যাই ছদ্মবেশী ইন্দ্ৰক চিনি পালেও তেওঁক প্ৰত্যাখ্যান কৰা নাছিল। কিন্তু পৰৱৰ্তীকালৰ গ্ৰন্থ সমূহৰ মতে, অহল্যা নিৰ্দোষী আছিল। তেওঁ ইন্দ্ৰৰ শঠতাৰ চিকাৰ হৈছিল অথবা ধৰ্ষিতা হৈছিল। সকলো উপাখ্যানতেই দেখা যায়, ঋষি গৌতমে অহল্যা আৰু ইন্দ্ৰ উভয়কেই অভিশাপ দিছিল। অভিশাপটো ঠিক কি আছিল, সেই লৈ গ্ৰন্থ সমূহৰ মাজত মতভেদ আছে। অৱশ্যে সকলো গ্ৰন্থতেই কথিত হৈছে যে, ৰাম অহল্যাৰ ত্ৰান কৰ্তা মুক্তিদাতা ৰূপে উপস্থিত হৈছিল। প্ৰাচীন গ্ৰন্থ সমূহত আছে, প্ৰায়শ্চিত্তৰ বাবে অহল্যাই কঠোৰ তপস্যা কৰিছিলে আৰু ৰামক আতিথ্য দান কৰি পাপমুক্ত হয়। কিন্তু পৰৱৰ্তীকালত প্ৰচলিত হোৱা জনপ্ৰিয় পুনৰ্কথন সমূহত দেখা যায়, ঋষিৰ অভিশাপত অহল্যা শিললৈ ৰূপান্তৰ হয় আৰু ৰামৰ পাদস্পৰ্শে পুনৰায় মানৱী ৰূপ ঘূৰাই পায়।
শাস্ত্ৰগ্ৰন্থ সমূহত অহল্যাৰ যি জীৱনকথা পোৱা যায়, তাৰ সকলোৰে কেন্দ্ৰীয় বিষয়বস্তু হ'ল ইন্দ্ৰ কৰ্তৃক অহল্যাক প্ৰলুব্ধকৰণ আৰু তাৰ প্ৰতিফল। [1] ব্ৰাহ্মণ গ্ৰন্থসমূহত (খ্ৰীষ্টপূৰ্ব নৱমৰ পৰা ষষ্ঠ শতাব্দী) প্ৰথমে ইন্দ্ৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ আভাস দিয়া হ'লেও হিন্দু মহাকাব্য ৰামায়ণত (খ্ৰীষ্টপূৰ্ব পঞ্চম-চতুৰ্থ শতাব্দী) প্ৰথম স্পষ্টভাবে আৰু সবিস্তাৰে তেওঁৰ পৰকীয়া সম্পৰ্কৰ উল্লেখ পোৱা যায়। ৰামায়ণত ৰামৰ মাহাত্ম্য কীৰ্তিত হৈছে। সেয়ে মধ্যযুগীয় এই সাহিত্যত ৰাম কৰ্তৃক অহল্যা-উদ্ধাৰক ঈশ্বৰৰ কৃপাৰ নিদৰ্শন হিচাপে সেই কাহিনিৰ ওপৰতে অধিক গুৰুত্ব আৰোপ কৰা হৈছে। বিভিন্ন ধৰ্মগ্ৰন্থত বহুবাৰ পুনৰ্কথিত হোৱা আধুনিক যুগৰ কবিতা, চুটিগল্প আনকি নৃত্য আৰু নাট্যসাহিত্য সমূহত এই কাহিনি বহুবাৰ উপস্থাপিত হৈছে। প্ৰাচীন উপাখ্যানসমূহত ৰামৰ মাহাত্ম্য কীৰ্তিত হ'লেও আধুনিক গল্প সমূহত অহল্যাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি তেওঁৰ দৃষ্টিকোণৰ ফালৰ পৰা ৰচিত হৈছে। কোনো কোনো উপাখ্যানত তেওঁৰ সন্তানসন্ততিৰ কথাও আছে।
হিন্দু প্ৰথানুসাৰে অহল্যাক পঞ্চকন্যা (পাঁচ আদৰ্শ সতী)ৰ মাজত প্ৰথম বুলি কোৱা হয়। হিন্দু বিশ্বাস অনুযায়ী, এই পঞ্চকন্যাৰ নাম জপ কৰিলে পাপস্খলন ঘটে। কোনো কোনো ক্ষেত্ৰত নিঃশংক চিত্তে অভিশাপ গ্ৰহণৰ হেতু তেওঁক পতীব্ৰতা আৰু নাৰীত্বৰ আদৰ্শ হিচাপে প্ৰশস্তি কৰা হয়; আনহাতে অন্য ক্ষেত্ৰত ব্যভিচাৰৰ অপৰাধত তেওঁক নিন্দাও কৰা হয়।