অসম নেমু
ভাৰতৰ অসমত পোৱা টেঙা পাচলি / From Wikipedia, the free encyclopedia
অসম নেমু (ইংৰাজী: Assam Lemon) হৈছে কাজি নেমু আৰু গোল নেমুু নামৰ ভাৰতৰ অসমত পোৱা আৰু খেতি কৰা কৃষিজাত পাচলী।[1] নেমু হৈছে অসমীয়া খাদ্যাভ্যাস অত্যাৱশ্যকীয় উপাদান।[2] ইয়াক অসমীয়াত নেমু টেঙা বুলিও কোৱা হয়। অসম নেমুৰ বৈজ্ঞানিক নাম হৈছে ছাইট্ৰাছ লাইমন[3] আৰু ছাইট্ৰাছ জাম্ভিৰি।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c7/Assam_lemon_2z.jpg/640px-Assam_lemon_2z.jpg)
অসম নেমুৰ পৰা শীতল পানীয় বা চৰবৎ প্ৰস্তুত কৰা হয়। ইয়াৰ ফলৰ বাকলি আৰু অন্যান্য অংশ আচাৰ হিচাপে নাইবা অন্য বিভিন্ন প্ৰকাৰে খোৱা হয।[4]