অসম গণিত শিক্ষায়তন
From Wikipedia, the free encyclopedia
অসম গণিত শিক্ষায়তন ( ইংৰাজী: Assam Academy of Mathematics) হৈছে অসমৰ গণিত শিক্ষাৰ উন্নতিৰ কাৰণে অসমত জন্ম হোৱা[1] এটি বেচৰকাৰী সংস্থা। ১৯৮৬ চনৰ ১৮ জুলাইত এই অনুষ্ঠানটিৰ জন্ম হয়।[2] সেই দিনটোত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজিত আৰু সেই সময়ৰ কটন মহাবিদ্যালয়ত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিতৰ বিষয় শিক্ষক শিক্ষয়িত্ৰীৰ এক গ্ৰীষ্মকালীন প্ৰশিক্ষণ অংশগ্ৰহণকাৰীসকলে ৰাজ্যখনৰ গণিত প্ৰেমীসকলক লৈ এখন মঞ্চ খোলাৰ উদ্যোগ লৈ জন্ম দিছিল অসম গণিত শিক্ষায়তনৰ।[3]
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
অসম গণিত শিক্ষায়তন (Assam Academy of Mathematics) | |
---|---|
প্ৰতিষ্ঠা | ১৮ জুলাই, ১৯৮৬ |
প্ৰধান কাৰ্যালয় | গণিত বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় |
সদস্যপদ | ৬০০ ৰো অধিক আজীৱন সদস্য |
সভাপতি | ড॰ প্ৰবীণ দাস |
ৱেবছাইট | aamonline |
শিক্ষায়তনে ২০১০ চনৰ পৰা জাৰ্নেল অৱ দ্য আসাম একাডেমী অৱ মেথেমেটিক্স (Journal of the Assam Academy of Mathematics(JAAM),ISSN No. 2229-3884) নামেৰে এখন গণিত বিষয়ক জাৰ্নেল প্ৰকাশ কৰিছে।[4] লগতে ১৯৮৭ চনৰ পৰা শিক্ষায়তনে ‘গণিত বিকাশ’ নামৰ এখন দ্বিভাষীক ( অসমীয়া আৰু ইংৰাজী ) ছমহীয়া আলোচনী প্ৰকাশ কৰি আহিছে।[3] শিক্ষায়তনে বছৰি মেথলেটিক্স প্ৰতিযোগিতা আৰু গণিত অলিম্পিয়াড নামেৰে দুটা প্ৰতিযোগিতা অনুষ্ঠিত কৰে।[4] শিক্ষায়তনে ৰাঁচীৰ বিৰলা ইন্সটিটিউট অৱ টেকন’ল’জিৰ ভূতপূৰ্ব অধ্যাপক ড॰ ৰাধাচৰণ গুপ্তাৰ পৰা পোৱা অনুদানেৰে গণিত ইতিহাসৰ সম্বন্ধে আৰ চি গুপ্তা এণ্ডোমেণ্ট (R C Gupta Endowment) বক্তৃতা প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। [উদ্ধৃতিৰ প্ৰয়োজন]