![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/86/StateLibQld_1_252713_Taking_tea_on_the_verandah%252C_ca._1910.jpg/640px-StateLibQld_1_252713_Taking_tea_on_the_verandah%252C_ca._1910.jpg&w=640&q=50)
অষ্ট্ৰেলিয়াৰ নাৰী
From Wikipedia, the free encyclopedia
অষ্ট্ৰেলিয়াৰ মহিলাসকলৰ (ইংৰাজী: Women in Australia) জৰিয়তে অষ্ট্ৰেলিয়াত মহিলাৰ জনগাঁথনিগত আৰু সাংস্কৃতিক উপস্থিতিক বুজোৱা হৈছে। অষ্ট্ৰেলিয়াৰ মহিলাসকলে দেশখনৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে আৰু সেই অৰিহণা বহু ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে। ঐতিহাসিকভাৱে অষ্ট্ৰেলিয়াৰ সংস্কৃতিত পুৰুষতান্ত্ৰিক পক্ষপাতিত্বই আধিপত্য বিস্তাৰ কৰিছে।[1] ১৯৮৪ চনৰ পৰা লিংগ বৈষম্য আইন ১৯৮৪ (Cth) য়ে সমগ্ৰ অষ্ট্ৰেলিয়াতে কৰ্ম, থকাৰ ব্যৱস্থা, শিক্ষা, সামগ্ৰী, সুবিধা আৰু সেৱাৰ ব্যৱস্থা, কমনৱেলথৰ আইন আৰু কাৰ্যসূচী, ক্লাবৰ কাৰ্যকলাপ আৰু প্ৰশাসনকে ধৰি একাধিক ক্ষেত্ৰত যৌন বৈষম্য নিষিদ্ধ কৰিছে যদিও কিছুমান অৱশিষ্ট বৈষম্য এতিয়াও দৃশ্যমান হৈ আছে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/8/86/StateLibQld_1_252713_Taking_tea_on_the_verandah%2C_ca._1910.jpg/640px-StateLibQld_1_252713_Taking_tea_on_the_verandah%2C_ca._1910.jpg)
২০১৭ চনত নিউ ৱৰ্ল্ড ৱেলথ গৱেষণা গোটে অষ্ট্ৰেলিয়াক মহিলাৰ বাবে বিশ্বৰ আটাইতকৈ সুৰক্ষিত দেশ হিচাপে স্থান দিছিল।[2]