![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/85/Ashok_Kumar.jpg/640px-Ashok_Kumar.jpg&w=640&q=50)
অশোক কুমাৰ
ভাৰতীয় কণ্ঠশিল্পী / From Wikipedia, the free encyclopedia
অশোক কুমাৰ (জন্মসূত্ৰে কুমুদলাল গাংগুলী; জন্ম:১৩ অক্টোবৰ ১৯১১ – মৃত্যু: ১০ ডিচেম্বৰ, ২০০১), এগৰাকী ভাৰতীয় অভিনেতা যাক ভাৰতীয় চলচ্চিত্ৰৰ ‘আইকন’ (icon) আখ্যা দিয়া হয়। তেওঁ হিন্দী চিনেমাত স্বাভাৱিক অভিনয় আৰম্ভ কৰিছিল। ৪০ আৰু ৫০ৰ দশকৰ ক'লা-বগা ছবিৰ যুগৰ তেওঁ আছিল প্ৰথমগৰাকী ছুপাৰষ্টাৰ। খলনায়ক চৰিত্ৰত অভিনয় কৰা তেৱেঁই প্ৰথমগৰাকী নায়ক আছিল। চৰিত্ৰাভিনেতা ৰূপে কাম কৰা তেৱেঁই আছিল প্ৰথমগৰাকী তাৰকা অভিনেতা। তেওঁ চলচ্চিত্ৰ জগতৰ নামজ্বলা গাংগুলী পৰিয়ালৰ বংশধৰ।[1]
অশোক কুমাৰ | |
---|---|
![]() প্ৰায় ১৯৫৭ চনত কুমাৰ | |
জন্ম | কুমুদলাল গাংগুলী ১৩ অক্টোবৰ, ১৯১১ ভগলপুৰ, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ বিহাৰ, ভাৰত) |
মৃত্যু | ১০ ডিচেম্বৰ, ২০০১ (৯০ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
অন্য নাম | দাদুমণি |
পেচা | অভিনেতা, প্ৰযোজক, চিত্ৰশিল্পী, গায়ক |
সক্ৰিয় হৈ থকা সময় | ১৯৩৪–১৯৯৭ |
দাম্পত্যসঙ্গী | শোভা দেৱী (বি. ১৯৩৫) |
সন্তান | প্ৰীতি গাংগুলীৰ সৈতে চাৰিজন |
আত্মীয়-স্বজন | গাংগুলী পৰিয়াল মুখাৰ্জী - সমৰ্থ পৰিয়াল |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সংগীত নাটক একাডেমী বঁটা (১৯৫৯) শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা (দুবাৰ) পদ্মভূষণ (১৯৯৯) |
১৯৮৮ চনত, ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফালকে বঁটাৰে তেওঁক সন্মানিত কৰা হয়।,[2] ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯৯ চনত তেওঁলৈ পদ্মভূষণ বঁটা আগবঢ়োৱা হয়।[3]